NORTHEAST NOW (Assamese)
অসম

অসমৰ এখন ঐতিহাসিক স্থান : ছমাহ পানীৰ তলত ছমাহ বামত থকা এখন প্ৰসিদ্ধ দেৱালয়

Posted by: কাজী জেইদুল ইছলাম Updated by: কাজী জেইদুল ইছলাম January 8, 2021 2:06 pm
0cc165f2-8e0b-43e2-a8e6-aad9138602f9

বুঢ়া লুইতৰ উত্তৰ পাৰে বিশ্বনাথ জিলাত তথা অসমৰ প্ৰাণ কেন্দ্ৰ গুৱাহাটীৰ পৰা প্ৰায় ২৫০ কিলোমিটাৰ দূৰৈত অৱস্থিত গুপ্তকাশী নামে জনাজাত বিশ্বনাথ ঘাট ।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰে ভৰপূৰ বুঢ়া লুইতৰ দুবাহুৱে সাবতি আছে প্রসিদ্ধ পুণ্য তীৰ্থ আৰু পৰ্য্যটকৰ বাবে অতি আকৰ্ষণীয় এই বৃহৎ অঞ্চল ।

কিংবদন্তি মতে কাশীৰ দৰে জনাজাত নহৈ বাণ ৰজাৰ দিনত দুজন মুনিৰ অভিশাপত গুপ্তকাশী হিছাপে জনাজাত হ’ল এই বিশ্বনাথ ।

আন এক কিংবদন্তি অনুসৰি এক কোটি শিৱ লিংগৰ অধিস্থান ক্ষেত্র বিশ্বনাথ পূৰ্ণ কাশী আছিল ।

কিন্তু পৃথিৱীত দুখন কাশী হ’লে মোক্ষ লাভ কৰা জীৱৰ সংখ্যা বৃদ্ধি হৈ শেষত সৃষ্টিয়েই লোপ পাব বুলি আশংকা কৰি দেৱতা সকলে এটা শিৱলিংগ বিশ্বনাথ ক্ষেত্রৰ পৰা চুৰি কৰি নি ব্রহ্মপুত্রৰ সিপাৰে হাতীমূৰ পৰ্বতৰ কাষৰ পৰ্বতত থাপিছিলগৈ ।

এইদৰে বিশ্বনাথ এক কোটিলৈ এখন শিৱলিংগ কম থকা উনকোটি শিৱৰ স্থান বুলিও কোৱা হয় ।

বামৰ বিশ্বনাথৰ মূৰ্তি স্বয়ম্ভু পীঠ । পিছত অস্থায়ীভাৱে প্রতিস্থা কৰা এই বিশ্বনাথ মন্দিৰটো অতি সুন্দৰকৈ মনিকূট আৰু নামঘৰসহ স্থাপন কৰা হৈছে।

এই পানী বিশ্বনাথৰ লিংগ বাৰিষা পানীত তল যায় আৰু কাতি মাহত পানী বিশ্বনাথৰ গৰ্ভ ওলালে অস্থায়ীভাৱে ঘৰ সাজি তাত আঘোণ মাহৰ এটি শুভ দিন চাই পূজা অৰ্চনা আৰম্ভ কৰা হয় ।

সেইদিনাৰ পৰা ব’হাগ বিহুৰ “গোসাঁই ফুৰুৱা” দিনালৈকে অৰ্থাৎ ব’হাগৰ দুই তাৰিখৰ গোসাঁই বিহুৰ দিনা লৈকে দৈনিক পূজা কৰা হয় ।

বাম আৰু পানী দুয়ো ঠাইতে অৱস্থান কৰা বাবে বিশ্বনাথ গোসাঁই লৰক-ফৰক, ছমাহ জলত ছমাহ থলত বুলি কোৱা হয় ।

বিশ্বনাথৰ ‘গোসাঁই ফুৰোৱা উৎসৱ’ সমগ্র বিশ্বনাথ অঞ্চলৰে অতি পুৰণি দিনৰে পৰা পৰম্পৰাগত ভাৱে উলহ মালহেৰে পালন কৰি অহা প্রধান উৎসৱ।

বিশ্বনাথ ক্ষেত্রত মূল বিশ্বনাথকে ধৰি সাতাইশখন দেৱালয়ৰ ভিতৰত এঘাৰটা মন্দিৰ আহোম যুগত নিৰ্মাণ কৰা হৈছিল ।

বৰ্তমান বামৰ আৰু পানীৰ বিশ্বনাথ,উমা,চণ্ডী,মুক্তিনাথ,বাণেশ্বৰ বৰদ’ল, সূৰ্য-মাধৱ, কমলেশ্বৰ আৰু বুঢ়া মাধৱ দেৱালয়ত পূজা-উৎসৱ আদি অনুস্থিত হৈ আহিছে ।