NORTHEAST NOW (Assamese)
ম্যানমাৰ

মাৰ্কিন সাংবাদিক ডেনী ফেনষ্টাৰক ১১ বছৰৰ কাৰাদণ্ড বিহিলে ম্যানমাৰৰ সামৰিক আদালতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 12, 2021 6:02 pm
Danny Fenster

ম্যানমাৰৰ সামৰিক আদালতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সাংবাদিক ডেনি ফেনষ্টাৰক মিছা আৰু উচতনিমূলক তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ১১ বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছে। আদালতে ফেনষ্টাৰক অবৈধ সংগঠনৰ সৈতে যোগাযোগ কৰা আৰু ভিছা নিয়ম উলংঘা কৰাৰ বাবেও দোষী সাব্যস্ত কৰে। ফেনষ্টাৰৰ অধিবক্তা থান জাও অঙে এই কথা সদৰী কৰিছে।

ফেনষ্টাৰৰ ওপৰত আৰোপিত এই শাস্তিয়ে আং চান চ্যু কীৰ নিৰ্বাচিত চৰকাৰক উৎখাত কৰি ফেব্ৰুৱাৰী মাহত ম্যানমাৰত সামৰিক বাহিনীয়ে ক্ষমতা দখল কৰাৰ পিছত সংবাদ মাধ্যমৰ স্বাধীনতাৰ ওপৰত কঠোৰ হস্তক্ষেপৰ চৰিত্ৰ প্ৰতিফলিত কৰিছে।

অনলাইন আলোচনী ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ মেনেজিং এডিটৰ ফেনষ্টাৰক মে’ মাহৰ পৰা আটক কৰি ৰখা হৈছে। সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত প্ৰায় ১০০ জন সাংবাদিকক আটক কৰা হৈছে।

ফেনষ্টাৰক ২৪ মে’ত য়াংগন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হৈছিল। যোৱা ১০ নৱেম্বৰত তেওঁৰ ওপৰত সন্ত্ৰাসবাদক উচতনি দিয়া আৰু ৰাজদ্ৰোহৰ দুটা অতিৰিক্ত অভিযোগ আৰোপ কৰা হৈছিল।

আন্ত: ৰাষ্ট্ৰীয় সংবাদ সংস্থা CNN ৰ এক প্ৰতিবেদনত ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ উদ্ধৃতি দি কোৱা হৈছে যে ফেনষ্টাৰে সামৰিক অভ্যুত্থানৰ পিছত নিষিদ্ধ সংবাদ মাধ্যম ম্যানমাৰ নাওৰ বাবে কাম কৰি থকাৰ অভিযোগ কৰা হৈছিল। অৱশ্যে ফ্ৰণ্টিয়াৰে ফেনষ্টাৰে ২০২০ চনৰ জুলাইত ম্যানমাৰ নাওৰ পৰা পদত্যাগ কৰিছিল বুলি জানিবলৈ দিছিল।

“এই অভিযোগবোৰৰ বাবে ডেনীক দোষী সাব্যস্ত কৰাৰ কোনো ভিত্তি নাই। তেওঁৰ অধিবক্তাই আদালতক স্পষ্টভাৱে যুক্তি দৰ্শাইছিল যে তেওঁ ম্যানমাৰ নাওৰ পৰা পদত্যাগ কৰিছিল আৰু যোৱা বছৰৰ মাজভাগৰ পৰা ফ্ৰণ্টিয়াৰৰ বাবে কাম কৰি আছিল।” ফ্ৰণ্টিয়াৰ ম্যানমাৰৰ মুখ্য সম্পাদক থমাছ কেনে কয়।

আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ কৰ্মীসকলৰ মতে সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰত ১,২০০ তকৈও অধিক প্ৰতিবাদী নাগৰিক নিহত হৈছে আৰু হাজাৰ হাজাৰ লোকক আটক কৰা হৈছে।