মুম্বাইত বিনিয়োগকাৰীৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময়


আজি মুম্বাইত অনুষ্ঠিত এক ৰ’ডশ্ব’ৰ অনুষ্ঠানত অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ মাধ্যম আৰু বিভিন্ন ক্ষেত্ৰৰ বিনিয়োগকাৰীৰ সৈতে অসমত বিনিয়োগৰ সম্ভাৱনা সম্পৰ্কত মত বিনিময় কৰে। উক্ত অনুষ্ঠানত সোণোৱালৰ সৈতে ৰাজ্যখনৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীও উপস্থিত আছিল। মত বিনিময় অনুষ্ঠানত অসমত থকা বিনিয়োগৰ সুযোগ, সম্ভাৱনা আৰু নিৰাপত্তা সম্পৰ্কত ইতিবাচক ছবি এখন দাঙি ধৰা হয়। উল্লেখযোগ্য যে অসম চৰকাৰে অহা ফেব্ৰুৱাৰি ৩ আৰু ৪ তাৰিখে দুদিনীয়াকৈ দেশী-বিদেশী বিনিয়োগকাৰীক লৈ এডভাণ্টেইজ আছাম শীৰ্ষক Assam Global Investors’ Summit অনুষ্ঠিত কৰিবলৈ ওলাইছে। উক্ত অনুষ্ঠানলৈ যিমান পাৰি অধিক বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ লক্ষ্যৰে ৰাজ্যখনৰ মন্ত্ৰী-আমোলা ব্যস্ত আছে অসমক ব্যৱসায় তথা উদ্যোগ স্থাপনৰ সুবিধাজনক ক্ষেত্ৰ হিচাপে দাঙি ধৰাৰ চেষ্টাত। এই প্ৰচেষ্টাৰ অংশস্বৰূপেই ৰাজ্যখনৰ বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও সম্প্ৰতি জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণত আছে। বিত্ত মন্ত্ৰীজনে আজি দক্ষিণ কোৰিয়াত ভাৰতীয় দূতাবাসৰ দ্বাৰা আয়োজিত এক ৰ’ডশ্ব’ত তাৰ ব্যৱসায়ী তথা উদ্যোগপতিৰ সৈতে মত বিনিময় কৰে। ‘আছিয়ান’ (ASEAN)ৰ অৰ্থনৈতিক মণ্ডলৰ ক্ষেত্ৰত ভাৰতৰ মূল পথ বা দুৱাৰ হিচাপে খ্যাত অসমত বিনিয়োগৰ বাবে যাতে অধিক বিনিয়োগকাৰীক আগ্ৰহী কৰিব পাৰি তাৰ প্ৰতি চৰকাৰে সৰ্বাধিক গুৰুত্ব দিয়াৰ কথা জনা গৈছে।
You may also like
মুখ্যমন্ত্ৰীৰ তৎপৰতাত জটিল ৰোগত আক্ৰান্ত শিৱসাগৰৰ যুৱকক উন্নত চিকিৎসাৰ ব্যৱস্থা
শিৱসাগৰ অতি জটিল ৰোগত আক্ৰান্ত ৩২ বছৰীয়া যুৱকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হৈছে ৷ শিৱসাগৰৰ GNG ৰোডৰ নিবাসী ননী দেবী…
পূৰ্ণ পাঠ।। নিৰ্বাচন সন্দৰ্ভত অসমৰ ৰাইজক সদৌ অসম ছাত্ৰ সন্থাৰ মুকলি আহ্বান
“সদৌ অসম ছাত্ৰ সন্থাই অসমৰ সমস্যাৱলীৰ এটা মূল্যায়ন দাঙি ধৰি সমস্যাৱলীৰ সমাধানৰ বাবে আৰু অসমত খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণ, প্ৰভুত্ব ৰক্ষাৰ্থে কঠোৰ, নিৰ্ণায়ক…
দৰং আৰক্ষীৰ অভিযানত গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ
দৰং আৰক্ষীয়ে এক অভিযান চলাই দেওবাৰে নিশা তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন ‘ইয়ন’ গাড়ীৰ পৰা বৃহৎ পৰিমাণৰ অবৈধ গাঞ্জা জব্দ…
এন আৰ চি সন্দৰ্ভত গুৰুত্বপূৰ্ণ বৈঠক
এন আৰ চি সন্দৰ্ভত বুধবাৰে অনুষ্ঠিত হ’ব এখন গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰনাথ গোস্বামীকে ধৰি প্ৰতিটো…