NORTHEAST NOW (Assamese)
নাগালেণ্ড

চমনমতে উপস্থিত হোৱাত অপাৰগতা প্ৰকাশ কৰি ‘নিয়া’লৈ পত্ৰ জেলিয়াঙৰ

Posted by: এন ই নাও নিউজ March 12, 2018 9:40 pm
t r zeliang

উগ্ৰপন্থীক চৰকাৰী ধন যোগান ধৰা গোচৰত নিয়াই সদ্য প্ৰাক্তন মুখ্য মন্ত্ৰী টি আৰ জেলিয়াঙক ১৩ মাৰ্চত বিভাগটোৰ দিল্লীৰ লোধী ৰ’ডস্থিত কাৰ্য্যালয়ত হাজিৰ হ’বলৈ দিয়া নিৰ্দেশৰ প্ৰত্যুত্তৰত আজি জেলিয়াঙে ইমান কম সময়ৰ ভিতৰত উপস্থিত হোৱাৰ ক্ষেত্ৰত নিজৰ অপাৰগতা প্ৰকাশ কৰি বিভাগটোলৈ পত্ৰ প্ৰেৰণ কৰিছে।

নিজৰ পত্ৰখনত জেলিয়াঙে লিখিছে যে তেওঁ মাত্ৰ ১২ মাৰ্চত নিয়াৰ চমনখন পাইছেহে আৰু সেইবাবে ১৩ মাৰ্চত উপস্থিত হোৱাটো সম্ভৱ নহ’ব। তাৰোপৰি অহা ১৩ মাৰ্চৰ পৰা ২৬ মাৰ্চলৈ বিধানসভাৰ প্ৰথমখন অধিৱেশন চলিব। বিৰোধী দলৰ নেতা হিচাপে তেওঁ বিধানসভাৰ অধিৱেশনত উপস্থিত থকাৰ প্ৰয়োজন আছে।

Zeliang-224x300
জেলিয়াঙে নিয়ালৈ লিখা পত্ৰখন।

জেলিয়াঙৰ প্ৰেছ সচিবজনে কয় যে দেশৰ এজন আইন মানি চলা নাগৰিক হিচাপে জেলিয়াঙে তদন্তত সহযোগ কৰিবলৈ সাজু আছে।

‘কিন্তু এই কথা ক’ব পাৰি যে নিষিদ্ধ ঘোষিত সংগঠনক ধন দিয়াৰ ক্ষেত্ৰত তদানীন্তন মুখ্য মন্ত্ৰীৰ কাৰ্য্যালয়ে কৰিব লগীয়া একো নাছিল। আনহাতে তেওঁ এই অগ্ৰগতিৰ আঁৰত ৰাজনৈতিক বিদ্বেষ থকাৰ সন্দেহো ব্যক্ত কৰে।

উল্লেখযোগ্য যে জেলিয়াং মুখ্য মন্ত্ৰী হৈ থকাৰ সময়ত চৰকাৰৰ প্ৰায় ১৪টা বিভাগে ৰাজ্যখনৰ বিদ্ৰোহী গোট এন এছ চি এন (আই এম) আৰু এন এছ চি এন (কে)ক বৃহৎ পৰিমাণৰ ধন প্ৰদান কৰিছিল বুলি অভিযোগ উঠাৰ পিছত এই সন্দৰ্ভত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে গোচৰ ৰুজু কৰিছিল।

২০১৭ চনৰ ১৮ জানুৱাৰিত সংস্থাটোৱে ৰাজ্যখনৰ কেইবাটাও চৰকাৰী বিভাগত তালাচী চলাই প্ৰায় ২ কোটি টকাৰ ৰচিদ জব্ধ কৰিছিল।