NORTHEAST NOW (Assamese)
অসম

মৃত্যুঞ্জয়! ডেংগু,মেলেৰীয়া,কৰোণা জয় কৰা লোকজনক এইবাৰ দংশন কৰিলে ফেঁটী সাপে,তাৰপিছত…

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 2:52 pm
Cobra

যেন নীলকণ্ঠহে লোক জন। ইটোৰ পিছত সিটো মাৰাত্মক ৰোগত আক্ৰান্ত হৈ বাৰে বাৰে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি আহিবলৈ সক্ষম হৈছে তেওঁ।

বিদেশত থকা আপোন ঘৰ খন এৰি কেৱল সমাজসেৱাৰ স্বাৰ্থতে ৰাজস্থানত বাস কৰিবলৈ লোৱা ব্ৰিটেইনৰ নাগৰিক আয়ান জোনছে প্ৰতিবাৰে যমক প্ৰত্যাহ্বান জনাই পুনৰ নতুন জীৱন লাভ কৰিবলৈ সক্ষম হৈছে।

প্ৰতিবাৰেই জোনছৰ ঘনিষ্ঠ লোকসকলে ভাবে যে এইবাৰ হয়তো জোনছৰ মৃত্যু ঘটিব।

কিন্তু প্ৰতি বাৰেই ৰোগক জয় কৰি জোনছ পুনৰ ঘৰলৈ উভতি আহে।

লকডাউনৰ আগতে জোনছ আক্ৰান্ত হৈছিল ডেংগুত। চিকিৎসালয়ত যমে-মানুহে টনা-টনি কৰাৰ পিছত জোনছ সুস্থ হৈ উঠিছিল।

ডেংগুৰ পিছত তেওঁ আক্ৰান্ত হৈছিল মেলেৰিয়াত। এইবাৰ বহুদিন চিকিৎসালয়ত থাকি সুস্থ হৈছিল তেওঁ। মেলেৰিয়াৰ পিছত জোনছক পালে ক’ৰ’ণাই।

বহুদিন গুৰুতৰ ভাবে অসুস্থ হৈ তেওঁ কটালে চিকিৎসালয়ত। ক’ৰ’ণাৰ পৰা মুক্ত হোৱাৰ পিছত খুব দুৰ্বল হৈ পৰিছিল জোনছ।ঘৰলৈ উভতি আহি কিছু জিৰণি লম বুলি ভবাৰ সময়তে পুনৰ আন এক বিপদ নামি আহিল জোনছৰ জীৱনলৈ।

ঘৰৰ পদূলিতে এইবাৰ জোনছক দংশন কৰিলে মৃত্যুদূতৰূপী এডাল ফেঁটী সাপে। লগে লগে তেওঁক যোধপুৰৰ এখন চিকিৎসালয়লৈ নিয়া হয়।

কেবাদিনো একপ্ৰকাৰ সংজ্ঞাহীন হৈ থকাৰ পিছত জোনছে চকু মেলিলে।

সাত দিন চিকিৎসালয়ত থকাৰ পিছত জোনছক চিকিৎসকে ঘৰলৈ আহিবলৈ অনুমতি দিলে।

এনেদৰে প্ৰতিবাৰে মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা জোনছ এতিয়া ইণ্টাৰনেটত চৰ্চিত ব্যক্তি হৈ পৰিছে।

জোনছৰ প্ৰসংগ টানি বহুতে কবলৈ লৈছে ‘ৰাখে হৰি মাৰে কোনে’বুলি।