NORTHEAST NOW (Assamese)
Popular Stories

এইবাৰ প্ৰথম, ক্ৰিকেট বিশ্বকাপত নাথাকিব দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী July 2, 2023 10:38 am

ক্ৰিকেট বিশ্বকাপ আৰম্ভ হ’বলৈ আৰু দেৰি নাই। বাছনি পৰ্যায়তে সংঘটিত হৈছে অঘটন! যোগ্যতা পৰ্বতে ছিটিকিল প্ৰথম দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজ। স্কটলেণ্ডৰ হাতত পৰাস্ত হ’ল নিকোলাছ পুৰাণৰ দলটো।

চাৰি বছৰৰ পিছত আৰম্ভ হ’ব আন এক বিশ্বকাপ। এইবাৰ আয়োজক দেশ ভাৰত। কিন্তু বিশ্বকাপত দেখা নাযাব ৱেষ্ট ইণ্ডিজক!

১৯৭৫ চনৰ পৰা আৰম্ভ হৈছিল একদিনীয়া ক্ৰিকেট বিশ্বকাপ। সেইবাৰেই নহয়, ১৯৭৯ চনতো বিশ্ব চেম্পিয়ন হৈছিল ক্লাইভ লয়ডৰ দলটো।

ইয়াৰ পিছত ভাৰতে ১৯৮৩ চনত ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি প্ৰথমটো বিশ্বকাপ বিজয়ৰ সোৱাদ লয়। প্রথমবাৰৰ বাবে এইবাৰ ব্রায়ান লাৰাৰ দেশখনে বিশ্বকাপৰ বাবে যোগ্যতা অর্জন কৰিবলৈ সক্ষম নহ’ল৷

বিশ্বকাপৰ নিয়ম অনুসৰি আই চি চি ৰেংকিঙৰ শীৰ্ষ ৮ টা দলে মূল ৰাউণ্ডত খেলাৰ প্ৰত্যক্ষ সুযোগ পাব। বাকী ৮ টা দলে কোৱালিফায়াৰত খেলিব লাগে। ২ টা দলে মূল পৰ্বত খেলাৰ সুযোগ পায়। সেই নিয়ম অনুসৰিয়েই এইবাৰ বিশ্বকাপৰ পৰা বাদ পৰিল ৱেষ্ট ইণ্ডিজ।

শনিবাৰে ছুপাৰ ছিক্সৰ মেচত স্কটলেণ্ডৰ বিৰুদ্ধে কেৰিবিয়ান দলটোৱে যিকোনো প্ৰকাৰে জয়লাভ কৰিবলগীয়া আছিল। কিন্তু ৱেষ্ট ইণ্ডিজে মাত্ৰ ১৮১ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল। খেলখনত স্কটলেণ্ডে ৩ উইকেটত জয়লাভ কৰে।