NORTHEAST NOW (Assamese)
অসম

কেৰালাৰ নিৰ্বাচনত শক্তিশালী প্ৰাৰ্থীৰ বিৰুদ্ধে যুঁজ দিব অসমৰ মুনমী গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 22, 2020 3:44 pm
akerala girl

অসমৰ পৰা শ শ কিলোমিটাৰ নিলগত অৱস্থিত কেৰালাৰ ৰাজনীতিত এতিয়া একপ্ৰকাৰৰ খলকনি তুলিছে অসমৰ মুনমী গগৈয়ে।

অসমৰ লখিমপুৰৰ জীয়াৰী মুনমীয়ে এইবাৰ কেৰালাৰ পৌৰসভা নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাবে থিয় দিছে।

চিপিএমৰ সৱল ভেটি থকা কেৰালাৰ কান্নুৰ ইৰিট্টি পঞ্চায়তত পৌৰসভাৰ প্ৰাৰ্থী হিচাবে থিয় দিছে অসমৰ মুনমী গগৈয়ে।

কেৰালাত মুনমীৰ গগৈৰ পৰিচয় মুনমী ছাইজি হিচাবে। মালায়ালম ভাষা সলসলীয়াকৈ কোৱা মুনমীৰ কেৰালা সংযোগৰ বিষয়ে জানিব বিচাৰিলে উভতি যাব লাগিব ৭ বছৰ আগলৈ।

সাত বছৰ পূৰ্বে মুনমীলৈ ফোন কৰিছিল লখিমপুৰৰে এজন চিনাকী লোকে।

লোকজনে ফোনতে মুনমীৰ সৈতে চিনাকী কৰাই দিছিল কেৰালাৰ কান্নুৰ নিবাসী ছাইজিৰ সৈতে। সেয়াই আৰম্ভনি।

ছাইজিৰ সৈতে মুনমীৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল আৰু এটা সময়ত তেওঁ ছাইজিৰ প্ৰেমত পৰিছিল। এদিন ছাইজিৰ পৰিয়ালৰ লোকে গৈ মুনমীক কেৰালালৈ লৈ গৈছিল আৰু তাতেই এটা মন্দিৰত ছাইজিৰ সৈতে মুনমীৰ বিয়া হৈছিল।

প্ৰথমাৱস্থাত মুনমীয়ে মালায়ালম ভাষা কব পৰা নাছিল যদিও সময় বাগৰাৰ লগে লগে মুনমীয়ে ভাষাটো সুন্দৰ ভাবে আয়ত্ব কৰি লবলৈ সক্ষম হৈছে।

১৪ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া কেৰালা পৌৰসঘাৰ নিৰ্বাচনত স্বামীৰ জোৰতে মুনমীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।

মুনমীৰ স্বামী আৰএছএছৰ এজন সক্ৰিয় কৰ্মী। সেয়ে বিজেপিৰ পৰাই মুনমীয়ে প্ৰাৰ্থিত্ব লৈছে।ইৰিট্টিৰ জনতাই অসমৰ জীয়াৰী মুনমীক আদৰি লোৱা বুলি তেওঁ গৌৰৱেৰে কয়।

সুদূৰ কেৰালাত সংসাৰ কৰিলেও লখিমপুৰৰ আপোন গাঁও খনক আজিও পাহৰা নাই দুটি সন্তানৰ মাতৃ মুনমীয়ে।

এতিয়াও গাওঁৰ স্মৃতি ৰোমন্থন কৰি নষ্টাল’জিক হৈ পৰে মুনমী।