NORTHEAST NOW (Assamese)
অসম

বড়ো মাধ্যমৰ বিদ্যালয়ত বড়ো ভাষা শিক্ষকৰ পদত নিযুক্তিৰ দাবী সদৌ বড়ো ছাত্ৰ সন্থাৰ

Posted by: ৰিনয় বসুমতাৰী March 12, 2018 11:11 pm
Absu_Protest

বড়ো মাধ্যমৰ বিদ্যালয়বিলাকত খালী হৈ থকা বড়ো ভাষা শিক্ষকৰ পদত অতি শীঘ্ৰেই নিযুক্তিৰ ব্যৱস্থা কৰাৰ দাবীত আজি সদৌ বড়ো ছাত্ৰ সন্থা, চমুকৈ এবছুৱে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ণ কৰে।

বড়ো ছাত্ৰ সংগঠনটোৱে আজি কোকৰাঝাৰ অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালক এছ কে ভূঞাৰ প্ৰতিকৃতি দাহ কৰে। সংগঠনটোৰ নেতাসকলে অভিযোগ কৰে যে অসম চৰকাৰে বড়ো মাধ্যমৰ বিদ্যালয়বিলাকৰ প্ৰতি বৈষম্যৰ মনোভাব দেখুৱাইছে।

তেওঁলোকৰ অভিযোগ, বড়ো মাধ্যমৰ নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক বিদ্যালয়বোৰত বড়ো বিষয়ৰ শিক্ষকৰ ভালেমান পদ খালী হৈ থকাৰ পিছতো, ৰাজ্য চৰকাৰে প্ৰকাশ কৰা এই সম্পৰ্কীয় জাননী (EAA/SIU/125/2018/22)ত মুঠ ৫৩৯৫ টা ভাষা শিক্ষকৰ পদ খালী দেখুৱাইছে তাৰ ভিতৰত বড়ো ভাষা নাই।

জাননীত উল্লেখ কৰাবোৰৰ ভিতৰত ৪০৭০টা অসমীয়া, ১২৬৭ টা বাঙালী, ৫২টা হিন্দী আৰু ৪টা মাৰ আছে। কিন্তু বড়ো ভাষা বিষয়ৰ এটাও পদ উল্লেখ কৰা নাই, যদিও অসমৰ প্ৰায়বোৰ প্ৰধান জিলাতে এই মাধ্যমৰ বিদ্যালয় আছে।

ইয়াক এক ইচ্ছাকৃত ষড়যন্ত্ৰ আখ্যা দিয়াৰ লগতে নেতাকেইজনে ইয়াৰ তাৎক্ষণিক শুধৰণি দাবী কৰে। তাৰোপৰি বড়ো খালী পদৰ উল্লেখৰ সৈতে এই বিজ্ঞাপন পুনৰ প্ৰকাশ কৰিবলৈও দাবী জনায়।

বড়ো মাধ্যমৰ বাবে সুকীয়া টেট পৰীক্ষাৰো দাবী কৰে। নেতাসকলে অসম চৰকাৰ আৰু ইয়াৰ শিক্ষা বিভাগক দাবী কৰে যে ইয়াৰ বাবে অনালাইন আৱেদন আহ্বান কৰিব লাগে আৰু ষষ্ঠ অনুসূচীভুক্ত অঞ্চলৰ প্ৰাৰ্থীসকলক কোনো চৰ্ত আৰোপ নকৰাকৈ আৱেদনৰ সুযোগ দিব লাগে।

বড়ো ছাত্ৰ সংগঠনটোৱে আজিৰ প্ৰতিবাদী কাৰ্য্যসূচী হিচাপে কোকৰাঝাৰৰ প্ৰগতি ভৱনত প্ৰাথমিক শিক্ষা সঞ্চালক এছ কে ভূঞাৰ প্ৰতিকৃতি দাহ কৰে।