NORTHEAST NOW (Assamese)
অসম

এখন ঢলংপলং দলঙে জীয়াতু ভোগাইছে কলিয়াবৰৰ তিনিখনকৈ গাওঁৰ ৰাইজক

Posted by: ৰিদিপ শৰ্মা Updated by: ৰিদিপ শৰ্মা February 10, 2021 2:09 pm
a adhar

নিৰ্বাচন আৰু প্ৰতিশ্ৰুতি যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি। নিৰ্বাচন আহে আৰু যায় প্ৰতিশ্ৰুতি বোৰো অসাৰ হয় । নিৰ্বাচন আহিলেই প্ৰতিশ্ৰুতিৰ বন্যা বয় ৰাজ্যত কিম্বা সমষ্টিবোৰত।

কিন্তু প্ৰতিশ্ৰুতিবোৰ কিমান প্ৰতিফলিত হয় সেয়া বাস্তৱত দেখা পোৱা যায়।

আজি আমি ক’বলৈ বিচাৰিছোঁ এখন দলঙৰ বাস্তৱ ৰূপৰ কথা।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকা কাৰ্বি আংলং জিলাৰ ঢলংপলং এখন দলং৷

দেখিলেই বুকু কঁপি উঠা এখন দলং। নগাওঁ জিলাৰ কলিয়াবৰ মহকুমাৰ অন্তৰ্গত ইটাভাতা গাঁও আৰু ক্ৰু গাঁও সংযোগী এইখন দলং। নগাঁও-কাৰ্বি আংলঙক বিভক্ত কৰিছে এই দলংখনে।

বিগত ১০টা বছৰে দুখন গাঁও সংযোগী এই দলঙেৰে বিপদ সংকুল যাত্ৰা  কৰি আহিছে গাঁওবাসীয়ে। তিনিখন গাঁৱৰ লোকে যাতায়াত কৰে এই দলংখনেৰে। নিৰ্বাচন আহিল, গ’ল পৰিৱৰ্তন নহ’ল দলংখনৰ । মিছা প্রতিশ্ৰুতিৰ সাক্ষী হৈ ৰ’ল তিনিখনকৈ গাওঁৰ ৰাইজ।

দেওপানী নৈৰ ওপৰত আছে ৰেলিংবিহীন ঢলং-পলং এই দলংখন। অতিকৈ বিপদ জনক ভাবে অহা যোৱা কৰিব লগা হয়  ৰাইজে।

ৰাইজৰ প্ৰশ্ন কেতিয়াকৈ উন্নয়ন হ’ব এই ঢলং-পলং দলং খনৰ ।

চকু খোল খাবনে চৰকাৰ অথবা জন প্ৰতিনিধিৰ ?