NORTHEAST NOW (Assamese)
অসম

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰী আটক; উদ্ধাৰ হস্তনিৰ্মিত ৰাইফল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 1:24 pm
চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চোৰাং চিকাৰী আটক; উদ্ধাৰ হস্তনিৰ্মিত ৰাইফল

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত বুধবাৰে বন বিভাগৰ হাতত তিনিগৰাকী চোৰাং চিকাৰী আটক হয়।

চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ আমটেকা অঞ্চলত হাতেৰে নিৰ্মিত ৰাইফলৰ সৈতে চোৰাং চিকাৰী তিনিগৰাকী আটক হয় বুলি বন বিভাগে জানিবলৈ দিয়ে।

বিশেষ সূত্ৰৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত অভিযান চলাই বন বিভাগৰ দলটোৱে চোৰাং চিকাৰীৰ দলটোক আটক কৰিবলৈ সক্ষম হয়।

আটক হোৱা চোৰাং চিকাৰী তিনিগৰাকী হৈছে ক্ৰমে মনেশ্বৰ বসুমতাৰী(৩০), ফাইলাও বসুমতাৰী(২৮) আৰু খনজিৎ গয়াৰী(৩৫)।

আটক হোৱা আটাইকেইগৰাকী চোৰাং চিকাৰীৰ ঘৰ আমগুৰি আৰক্ষী চকীৰ অন্তৰ্গত মালিভিটা অঞ্চলত বুলি বন বিভাগৰ সূত্ৰত প্ৰকাশ।

উল্লেখযোগ্য যে, চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত ক্ৰমে চোৰাং চিকাৰীয়ে খোপনি পুতিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

চোৰাং চিকাৰীবোৰে হাতী দাতৰ লগতে বিভিন্ন জীৱ-জন্তুৰ অংগ-প্ৰত্যংগৰ ব্যৱসায়ত জড়িত হৈ থাকে।