NORTHEAST NOW (Assamese)
অসম

ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত পৰাজয়ৰ পাছতো বিৰাট কোহলিৰ অধিনায়কত্বক প্ৰশংসা জামাইকান দৌৰবিদ য়োহান ব্লেকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2021 12:36 pm

ইংলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত প্রথমখন টেষ্টত ভাৰত বৃহৎ ব্যৱধানত পৰাস্ত হ’লেও ভাৰতীয় অধিনায়ক বিৰাট কোহলীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে জামাইকান দৌৰবিদ য়োহান ব্লেক।

ভাৰতে প্ৰথমখন টেষ্টত ইংলেণ্ডৰ হাতত পৰাজয় বৰণ কৰাৰ পাছত অধিনায়ক বিৰাট কোহলীয়ে সকলো ধৰণৰ পৰাজয়ৰ দায়িত্ব মুৰ পাতি লোৱা কাৰ্য্যক প্ৰশংসা কৰে য়োহান ব্লেকে।

‘‘ভাৰতীয় ক্ৰিকেট দলৰ মই ভালপোৱা আটাইতকৈ ভাল কথাটো হৈছে বিৰাট কোহলিয়ে কোনোধৰণৰ অজুহাত নেদেখুৱাই। বিৰাট কোহলিৰ সেই গুণৰ বাবে মই তেওঁৰ অধিনায়কত্ব ভাল পাও, বিৰাটে সকলো দোষ নিজে গ্ৰহণ কৰে,’’ কোহলিক প্ৰশংসা কৰি বিখ্যাত দৌৰবিদ গৰাকীয়ে এইদৰে কয়।

ভাৰতে চেন্নাইত অনুষ্ঠিত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাৰ প্ৰথমখন টেষ্টত ২২৭ ৰানৰ বৃহৎ ব্যৱধানত পৰাজয় বৰণ কৰিছিল।

ভাৰতৰ এই পৰাজয়ৰ পাছত বহু লোকে কোহলিৰ অধিনায়কত্বৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে।

ভাৰতৰ সদ্য সমাপ্ত অষ্ট্ৰেলিয়া ভ্ৰমণৰ সময়তো বিৰাটো কোহলিৰ নেতৃত্বত ভাৰতে প্ৰথমখন টেষ্টত পৰাজয় বৰণ কৰাৰ পাছত পৰৱৰ্তী তিনিখন টেষ্টত আজিংক ৰাহানেৰ নেতৃত্বত খেলি দুখনত জয় আৰু এখন ড্ৰ খেলি শৃংখলা দখল কৰিবলৈ সক্ষম হৈছিল।