NORTHEAST NOW (Assamese)
অসম

দুৰন্ত গতিৰে তামিলনাডু অভিমুখে ধাৱমান চাইক্ল’ন ‘গতি’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 23, 2020 11:51 am
weather-imdjpg

পুনৰ শক্তিশালী সাগৰীয় ধুমুহাৰ কৱলত পৰিছে উপকূলীয় ৰাজ্য তামিলনাডু আৰু পুডুচেৰী।

বে অৱ বেংগলৰ দক্ষিণ-পশ্চিম দিশত সৃষ্টি হোৱা নিম্ন চাপৰ ফলত উদ্ভৱ হোৱা চাইক্ল’ন গতিয়ে অহা ২৪ ঘণ্টাৰ ভিতৰত তামিলনাডু আৰু পুডুচেৰীত খুন্দা মাৰিব।

কেন্দ্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ চেন্নাইস্থিত কাৰ্যালয়ৰ বিষয়া এছ বালচন্দ্ৰণে প্ৰকাশ কৰা তথ্য অনুসৰি ‘গতি’ ধুমুহাই তামিলনাডুকে ধৰি পুডুচেৰীৰ বিস্তীৰ্ণ অঞ্চলত সংহাৰৰ সৃষ্টি কৰিব।

ধুমুহাজাকৰ আগমণৰ পৰিপ্ৰেক্ষিতত তামিলনাডুৰ কুডালৰ আৰু চিদাম্বৰম অঞ্চলত ৬ টা এনডিআৰএফ বাহিনীৰ দল সাজু কৰি ৰখা হৈছে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰে।সাগৰৰ কাষৰীয়া ৰাজ্য ওড়িশাতো ‘গতি’ ধুমুহাৰ প্ৰভাৱ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।

২৫ নৱেম্বৰৰ দিনা ধুমুহা জাকে তামিলনাডুৰ মাল্লাপুৰম অঞ্চল পাৰ হৈ যাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰ বিষয়া বালচন্দ্ৰণে জানিবলৈ দিছে।

‘গতি’ ধুমুহাৰ আগমণৰ বাবে সতৰ্কতামূলক ব্যৱস্থা হিচাবে সাগৰত মাছ মৰা নিষিদ্ধ কৰা হৈছে।সাগৰৰ কাষত বাস কৰা লোকসকলক সতৰ্ক হৈ থকাৰ নিৰ্দেশ দিয়াৰ লগতে পৰাপক্ষত ঘৰৰ বাহিৰলৈ নোলাবলৈ কোৱা হৈছে।

‘গতি’ ধুমুহাৰ ফলত তামিলনাডু, পুডুচেৰী আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা খকা বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে।