NORTHEAST NOW (Assamese)
অসম

নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই নিজৰ আঙুলি কাটিলে এজন লোকে; কিন্তু কিয়?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 24, 2020 2:52 pm
nitish-kumar1

বিহাৰৰ জাহানাবাদত এনে এজন লোক আছে যি নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হ’লে নিজৰ এটা আঙুলি কাটি ভগৱানক উৎসৰ্গা কৰে। সোমবাৰে সেইজন অনিল শৰ্মাই এইবাৰ তেওঁৰ চতুৰ্থটো আঙুলি কাটি গড়াইয়া বাবাৰ মন্দিৰত উৎসৰ্গা কৰে।

বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰ তেওঁৰ প্ৰিয় নেতা বুলিয়েই তেওঁ এই কাম কৰা বুলি অনিল শৰ্মাই জানিবলৈ দিয়ে।

জাহানাবাদ জিলাৰ ঘোচি থানাৰ অন্তৰ্গত ভাইনা নামৰ গাওঁত সংঘটিত হয় এই ঘটনা। ৪৫বছৰীয়া অনিল শৰ্মা ওৰফে আলী বাবাই নীতিশ কুমাৰ মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে তিনিটা আঙুলি কাটিছিল।

নীতিশ কুমাৰ এইবাৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অনিলে তেওঁৰ চতুৰ্থটো আঙুলি কাটিলে।

অনিল শৰ্মাৰ এই আবেগ দেখি স্থানীয় লোকসকলো অবাক হৈ পৰিছে।

আনহাতে, অনিল শৰ্মাই কয় যে তেওঁ সেই কাম কৰি আনন্দ পায়। জানিব পৰা মতে, এবাৰ গড়াইয়া বাবাৰ ওচৰত মানস কৰিছিল। নীতিশ কুমাৰ বিহাৰৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত সেই মানস অনুসৰিয়েই নিজৰ আঙুলি কাটি দিয়ে অনিলে।