NORTHEAST NOW (Assamese)
অসম

ইজৰাইলী বিজ্ঞানীৰ গৱেষণা; ২৫ বছৰ পৰ্যন্ত ঘূৰাই আনিব পৰা সম্ভৱ হ’ব আপোনাৰ বয়স!

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 12:07 pm

আত্মবিশ্বাসৰ সৈতে আপোনাৰ বয়সৰ সম্পৰ্ক আছে নেকি? চিন্তা নকৰিব ইজৰাইলৰ বিজ্ঞানী সকলে আপোনাৰ বয়সক পুনৰ ঘূৰাই অনিব পৰা গৱেষণাত ব্ৰতী হৈ আছে।

সাধাৰণভাৱে অক্সিজেনৰ সহায়তে এনেদৰে বয়স ঘূৰাই পাব পৰা যাব।

টেল এভিভ বিশ্ববিদ্যালয় আৰু শ্বামিৰ মেডিকেল বিশ্ববিদ্যালয় কেন্দ্ৰৰ গৱেষক সকলে বয়স বৃদ্ধিক ৰোধ কৰাই নহয় ইয়াক ঘূৰাই আনিবও পৰা সম্ভৱ বুলি দাবী কৰিছে।

আলজাজিৰাত প্ৰকাশিত বাতৰি অনুসৰি ইজৰাইলৰ গৱেষক সকলে বয়স আৰু অসুস্থতাক ৰোধ কৰি পুনৰ যৌৱন ঘূৰাই আনিব পৰা দুটা গৱেষণাৰ কামত ব্ৰতী হৈ আছে।

উক্ত গৱেষণাৰ কামত ব্ৰতী হৈ থকা এগৰাকী গৱেষকে সংবাদমাধ্যমৰ আগত বয়সৰ বৃদ্ধি ৰোধৰ বাবে কোষৰ গঠনগত চৰিত্ৰৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা সম্ভৱ বুলি জানিবলৈ দিয়ে।

কোষৰ ক্ষেত্ৰত ইয়াৰ বয়স ঘূৰাই অনাৰ বাবে ‘টেলোমাৰ এলোঙগেশ্যন’ৰ ক্ষেত্ৰতো গৱেষকৰ দলটো সফল হৈছে বুলি গৱেষক গৰাকীয়ে লগতে উল্লেখ কৰে।

ইজৰাইলৰ দলটোৱে গৱেষণাৰ ফলাফলক লৈ আশাবাদী হৈ থকাৰ লগতে যুৱ প্ৰজন্মৰ বিজ্ঞানী সকলেও এইক্ষেত্ৰত কাম কৰাৰ বাবে আগবাঢ়ি আহিব বুলি আশা প্ৰকাশ কৰিছে।