NORTHEAST NOW (Assamese)
অসম

যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩৭৬ গৰাকী লোক নতুনকৈ ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 1:02 pm

দেশত ক’ৰ’না আক্ৰান্তৰ মুঠ সংখ্যা অতিক্ৰম কৰিলে ৯২ লাখৰ ঘৰ। যোৱা ২৪ ঘণ্টাত ৪৪ হাজাৰ ৩৭৬ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে।

এতিয়া দেশত মুঠ ক’ৰ’নাৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই হৈছেগৈ ৯২,২২,২১৭ গৰাকী।

আনহাতে যোৱা ২৪ ঘণ্টাত ক’ৰ’নাই প্ৰাণ কাঢ়ি নিছে ৪৮১ গৰাকী লোকৰ। ক’ৰ’নাৰ ফলত এই পৰ্যন্ত মুঠ ১,৩৪,৬৯৯ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

বুধবাৰে ৰাতিপুৱা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত বৰ্তমান ৪,৪৪,৭৪৬ গৰাকী সক্ৰিয় ৰোগী আছে।

দেশবাসীৰ বাবে এটাই ভাল খবৰ যে সক্ৰিয় ক’ৰ’না ৰোগীৰ বিপৰীতে সুস্থ হৈ উঠা লোকৰ সংখ্যা অধিক।

এই পৰ্যন্ত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠিছে ৮৬,৪২,৭৭১ গৰাকী।

দেশত এতিয়া আৰোগ্যৰ হাৰ ৯৩.৭১ শতাংশলৈ বৃদ্ধি পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টাত দেশৰ ১১ লাখৰো অধিক লোকৰ ক’ৰ’না টেষ্ট কৰা হৈছে। আই চি এম আৰে জনোৱা অনুসৰি ২৪ নৱেম্বৰৰ দিনটোত ১১,৫৯,০৩২ গৰাকীৰ ক’ৰ’না টেষ্ট কৰিছে।

এই পৰ্যন্ত দেশত মুঠ ১৩,৪৮,৪১,৩০৭ গৰাকীৰ ক’ৰ’না টেষ্ট কৰা হৈছে।