NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ ভেকচিন উপলব্ধ নোহোৱা পৰ্যন্ত দিল্লীৰ সকলো বিদ্যালয় বন্ধ থাকিব : মনীষ চিছোদিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 12:43 pm
COVID19-positive-1140x570

ক’ৰ’না ভাইৰাছৰ পুনৰ সংক্ৰমণ আৰম্ভ হোৱাৰ সময়তে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে।

দিল্লীৰ উপ-মুখ্য মন্ত্ৰী মনীষ চিছ’দিয়াই ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক উপলব্ধ নোহোৱা পৰ্যন্ত দিল্লীৰ সকলো বিদ্যালয় বন্ধ থাকিব বুলি গুৰুত্বপূৰ্ণ ঘোষণা কৰে।

‘‘যেতিয়ালৈ আমি প্ৰতিষেধক লাভ নকৰো তেতিয়ালৈ দিল্লীত বিদ্যালয় সমূহ বন্ধ থাকিব,’’ দিল্লীৰ উপ-মুখ্য মন্ত্ৰীৰ লগতে শিক্ষা মন্ত্ৰীৰ দায়িত্বত থকা মনীষ চিছ’দিয়াই এইদৰে কয়।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা অৰ্থাৎ মাৰ্চ মাহৰ পৰা দেশৰ শিক্ষানুষ্ঠান সমূহ বন্ধ হৈ আছে।

আনহাতে, দিল্লী চৰকাৰে ক’ৰ’নাৰ প্ৰতিষেধক নোলোৱা পৰ্যন্ত বিদ্যালয় সমূহ বন্ধ ৰখাৰ বাবে গ্ৰহণ কৰা সিদ্ধান্তৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱক সকলৰ সৈতেও আলোচনা কৰিছে বুলি ছিচ’ডিয়াই কয়।

বেছিসংখ্যক অভিভাৱকে ছাত্ৰ-ছাত্ৰী সকলৰ সুৰক্ষাৰ প্ৰতি সংশয় ব্যক্ত কৰি বিদ্যালয় পুনৰ খোলাটো গ্ৰহণযোগ্য নহয় বুলি পৰামৰ্শ আগবঢ়াইছে বুলিও শিক্ষা মন্ত্ৰী চিছ’দিয়াই কয়।