NORTHEAST NOW (Assamese)
Popular Stories

সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

Posted by: এন ই নাও নিউজ. গুৱাহাটী Updated by: এন ই নাও নিউজ. গুৱাহাটী July 12, 2026 7:10 pm
সাজেই-দগাঁও চ’কত ‘ৰিতুৰাজ আই কেয়াৰ’ আনুষ্ঠানিকভাৱে উদ্বোধন

বৃহত্তৰ সাজেই-দগাঁও অঞ্চলৰ ৰাইজক উন্নত আৰু সুলভ স্বাস্থ্যসেৱা প্ৰদানৰ লক্ষ্যৰে দেওবাৰে সাজেই-দগাঁও চকত ৰিতুৰাজ আই কেয়াৰআনুষ্ঠানিকভাৱে উদ্বোধন কৰা হয়। এই উদ্বোধনী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আয়োজন কৰা এক বিনামূলীয়া চকু পৰীক্ষা আৰু চিকিৎসা শিবিৰত শতাধিক লোকে বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ আৰু প্ৰয়োজনীয় স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰে।

 

উদ্বোধনী অনুষ্ঠানত ৰিতুৰাজ আই কেয়াৰৰ স্বত্বাধিকাৰী ধীৰেন দত্তই নিজৰ বক্তব্য প্ৰদান কৰি কয় যে চকুৰ সুস্বাস্থ্য প্ৰতিজন মানুহৰ সুস্থ জীৱনৰ এক অপৰিহাৰ্য অংশ। সাজেই-দগাঁও অঞ্চলৰ ৰাইজে যাতে উন্নত, সুলভ আৰু বিশ্বাসযোগ্য চকুৰ চিকিৎসা সেৱা নিজৰ অঞ্চলতেই লাভ কৰিব পাৰে, সেয়াই এই প্ৰতিষ্ঠানটোৰ মূল লক্ষ্য বুলি তেওঁ উল্লেখ কৰে।