প্ৰণৱ দলে আৰু আদিত্য ৰাভাৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা অসম নাগৰিক সন্মিলনৰ, চৰকাৰক কঠোৰ সমালোচনা

ৰাজ্যত চলি থকা জনস্বাৰ্থজড়িত আন্দোলনৰ সক্ৰিয় নেতৃত্বক আৰক্ষীয়ে ধাৰাবাহিকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কাজিৰঙাৰ ইংলে পথাৰত প্ৰস্তাৱিত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বিৰোধিতা কৰি অহা বিশিষ্ট সমাজকৰ্মী প্ৰণৱ দলেক ১২ জুলাইৰ দিনা গুৱাহাটীৰ ভাড়া ঘৰৰ পৰা দিশপুৰ আৰক্ষীয়ে জোৰ-জবৰদস্তিকৈ উঠাই লৈ যায়। ইয়াৰ কিছুদিন পূৰ্বে পলাশবাৰীৰ বৰদুৱাৰত উপমহানগৰ নিৰ্মাণৰ বিৰোধিতা কৰা আন্দোলনৰ অন্যতম নেতৃত্ব আদিত্য ৰাভাকো এটা পুৰণি গোচৰৰ দোহাই দি গ্ৰেপ্তাৰ কৰা হৈছিল। এই সমগ্ৰ ঘটনাক লৈ এতিয়া সৰৱ হৈ পৰিছে অসম নাগৰিক সন্মিলন। সংগঠনটোৱে স্পষ্টকৈ কয় যে আৰক্ষীয়ে যি অজুহাতে নিদিওক কিয়, সাধাৰণ ৰাইজৰ স্বাৰ্থ আৰু ভূমিৰ অধিকাৰৰ হকে মাত মতাৰ বাবেই এই দুজন নেতাক চৰকাৰে গ্ৰেপ্তাৰ কৰাইছে।
অসম নাগৰিক সন্মিলনে চৰকাৰৰ ভূমিকাক তীব্ৰ সমালোচনা কৰি কয় যে এই চৰকাৰে সাধাৰণ জনতাৰ কথা অলপো চিন্তা নকৰে। চৰকাৰখনৰ বাবে শাসন ব্যৱস্থাটো এতিয়া এটা লাভজনক ব্যৱসায়লৈ পৰিণত হৈছে। যিকোনো প্ৰকাৰে নিৰ্বাচনত জিকি চৰকাৰ গঠন কৰা আৰু তাৰ পিছত ৰাইজৰ আপুৰুগীয়া সম্পদসমূহ হস্তগত কৰি বাণিজ্যিক স্বাৰ্থত ব্যৱহাৰ কৰাটোৱেই এই চৰকাৰৰ মুখ্য উদ্দেশ্য হৈ পৰিছে। দুৰ্ভাগ্যবশতঃ সাধাৰণ ৰাইজে এতিয়াও চৰকাৰৰ এই ক্ষতিকাৰক চক্ৰান্তটো সম্পূৰ্ণৰূপে বুজি উঠা নাই আৰু সজাগ সমাজেও এই কথাটো জনসাধাৰণক সঠিকভাৱে বুজাই দিব পৰা নাই বুলি সংগঠনটোৱে ক্ষোভ প্ৰকাশ কৰে।
সম্প্ৰতি দেশৰ আইন-কানুন, আৰক্ষী আৰু প্ৰশাসন জনসাধাৰণৰ সুৰক্ষাৰ বাবে নহয়, বৰঞ্চ চৰকাৰৰ হাতৰ পুতলালৈহে ৰূপান্তৰিত হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অলপতে এগৰাকী উচ্চপদস্থ ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াই সাংবাদিকৰ সৈতে কৰা দুৰ্ব্যৱহাৰৰ ঘটনাই ইয়াকে প্ৰমাণ কৰে বুলি নাগৰিক সন্মিলনে উল্লেখ কৰে। এনেবোৰ নিন্দনীয় কাৰ্যৰ জৰিয়তে চৰকাৰে এতিয়া জনসাধাৰণৰ পৰা গণতান্ত্ৰিক আৰু শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰাৰ অধিকাৰো কাঢ়ি ল’বলৈ বিচাৰিছে। চৰকাৰৰ এনে স্বৈৰাচাৰী আৰু দমনমূলক কাৰ্যক অসম নাগৰিক সন্মিলনৰ হৈ অজিত কুমাৰ ভূঞা, পৰেশ মালাকাৰ, শান্তনু বৰঠাকুৰ আৰু আব্দুল মান্নানে তীব্ৰ গৰিহণা তথা নিন্দা কৰিছে।