NORTHEAST NOW (Assamese)
অসম

মিজোৰামত নতুনকৈ ৩৫ গৰাকী লোক ক’ৰ’না প’জিটিভ; মুঠ আক্ৰান্তৰ সংখ্যা ৯৫৩ লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 25, 2020 6:59 pm
Covid19-positive-cases-1-1024x512

মিজোৰামত নতুনকৈ ৩৫ গাৰকী লোকৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

ইয়াৰ ফলত ৰাজ্যখনত ক’ৰ’না আক্ৰান্ত লোকৰ সংখ্যা ৯৫৩ গৰাকীলৈ বৃদ্ধি পায়।

ৰাজ্যখনৰ তথ্য আৰু জনসংযোগ বিভাগে উল্লেখ কৰা অনুসৰি মিজোৰামত শেহতীয়াভাৱে ক’ৰ’না আক্ৰান্ত লোক সকলৰ ভিতৰত ২৬ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলা।

তথ্য আৰু জনসংযোগ বিভাগে ৰাজ্যখনত বিগত ২৪ ঘণ্টাত কৰা ৫২৩ টা নমুনাৰ পৰীক্ষাৰ ভিতৰত ৩৫ টা নমুনাৰ ফলাফল প’জিটিভ আহে বুলি লগতে উল্লেখ কৰে।

মিজোৰামত নতুনকৈ ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত ৩১ গৰাকী আইজল জিলাৰ আৰু দুগৰাকীকৈ ক্ৰমে ক’লাচিব আৰু মামিত জিলাৰ।

আনহাতে, বিগত ২৪ ঘণ্টাত ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত ২৪ গৰাকী স্থানীয়ভাৱে সংক্ৰমিত হোৱাৰ বিপৰীতে ১১ গৰাকী লোক অন্য ৰাজ্যৰ পৰা উভতি অহা।

ক’ৰ’না আক্ৰান্ত হোৱা ৩৫ গৰাকী লোকৰ ভিতৰত এগৰাকী বি এছ এফৰ জোৱানৰ লগতে দুগৰাকী ট্ৰাক ড্ৰাইভাৰ।

ৰাজ্যখনত মঙলবাৰে দুগৰাকী বি এছ এফৰ জোৱাৰ লগতে মুঠ তিনিগৰাকী লোক ক’ৰ’না ভাইৰাছৰ পৰা আৰোগ্য হৈ উঠে।

মিজোৰামত এতিয়ালৈ ৪৬৪ গৰাকী লোক চিকিৎসাৰ অন্তত ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা আৰোগ্য হৈ উঠিছে।