NORTHEAST NOW (Assamese)
অসম

সুবিধাবাদৰ চূড়ান্ত নিদৰ্শন! : গেঞ্জী সলোৱা দি স্থিতি সলাব পাৰে গায়ক সীমান্ত শেখৰে

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া August 25, 2020 7:08 pm
1aad2fb7-8038-40c4-8e01-bf8c7203112c

প্ৰথমে নিৰ্বাচনী গীত গাই বিজেপিৰ শলাগৰ পাত্ৰ হোৱা সীমান্ত শেখৰে পাছত CAA বিৰোধী আন্দোলনত ৰাইজৰ কাষত থিয় দি এতিয়া পুনৰ বিজেপিৰ শৰণাপন্ন হৈছে।

কা বিৰোধী আন্দোলনৰ সময়ত বিজেপিৰ নিৰ্বাচনী গীত গোৱাটোৱেই বোলে এওঁৰ মহাপাপ আছিল বুলি নিজৰ বক্তব্য প্ৰকাশ কৰাৰ লগতে অসমীয়াৰ কাষত থাকি বিজেপিক দূৰৰ পৰাই নমস্কাৰ জনাইছিল।

কিন্তু এতিয়া আকৌ সুৰ সলাই ওলোটা খৰ মাৰিলে গায়ক সীমান্ত শেখৰে। বিজেপিত যোগদান কৰিয়েই তেল মাৰিবলৈ আৰম্ভ সীমান্ত শেখৰৰ। ভুল কৰিলেও তেনে ভুল কৰি গৌৰৱ অনুভৱ কৰে সীমান্তই । তেওঁৰ মতে বিজেপিয়ে অসমৰ ৰাইজৰ কাৰণে ভাল কাম কৰিছে।

ইপিনে, CAA ক লৈ বোলে স্থিতি আগৰ দৰেই আছে সীমান্ত শেখৰৰ।

আজি বিজেপিত যোগদান কৰি সংবাদমাধ্যমৰ আগহত সীমান্তইকয় ‘CAAক লৈ চলিছিল ভুৱা প্ৰচাৰ। CAAক লৈ আন্দোলন হোৱাৰ অৱস্থাটো দেখিছো। CAAৰ পাছত কিমানজন বাংলাদেশী আহিল? কোটি কোটি বাংলাদেশী অহাৰ কথা প্ৰচাৰ চলাইছিল। কিন্তু কেইজন আহিল বাংলাদেশী? ১০ হাজাৰো  নাহিল।’

শিল্পী আৰু ৰাজনীতিক একাকাৰ কৰি মুখা পিন্ধা এইগৰাকী শিল্পীয়েই পুনৰ আওৰালে আকৌ এবাৰ মোদী চৰকাৰ।

আজিৰ দিনটোতে বিজেপিত যোগদান কৰিলে ৩০ জন গায়ক, অভিনেতা তথা সাংস্কৃতিক কৰ্মীয়ে । যেন বিজেপি ভৱনত চলিছে যোগদানৰ এক প্ৰতিযোগিতা।

আজি বিজেপিৰ সৈতে চামিল হ’ল অভিনেত্ৰী ৰেবা ফুকন, প্ৰাঞ্জনা দত্ত, বাহীবাদক দীপক শৰ্মা, কৰিঅ’গ্ৰাফাৰ পংকজ ইংতিৰ লগতে মুঠ ৩০ গৰাকী শিল্পী।