NORTHEAST NOW (Assamese)
অসম

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্ত অংকিতা দত্ত

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 25, 2021 6:04 pm
অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্ত অংকিতা দত্ত

ভাৰতীয় যুৱ কংগ্ৰেছে বৃহস্পতিবাৰে অংকিতা দত্তক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী হিচাপে নিযুক্তি দিয়ে।

ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস বিভিয়ে কয় যে সংগঠনটোৰ বাবে তেওঁৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি অংকিতাক অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় অঞ্জন দত্তৰ কন্যা ৩৩ বছৰীয়া অংকিতা দত্তই আমগুৰি সমষ্টিৰ পৰা যোৱা অসম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল যদিও মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকাৰ বিৰুদ্ধে পৰাজিত হৈছিল।