NORTHEAST NOW (Assamese)
অসম

কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাৰ মন্তব্যকলৈ ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

Posted by: জাহ্নৱী বৰুৱা,গুৱাহাটী Updated by: জাহ্নৱী বৰুৱা,গুৱাহাটী August 8, 2022 5:28 pm
Bhupen-Borah

বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনে কংগ্ৰেছৰ ৮ বিধায়কে বিজেপিত যোগদান কৰাকলৈ দিয়াৰ মন্তব্যৰ পাছতেই সৰৱ হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা।

তেওঁ কয় “মোৰ এতিয়া মুখ্য লক্ষ্য হৈছে ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈকে স্বাধীনতাৰ গৌৰৱ যাত্ৰা। স্বাধীনতাৰ গৌৰৱ যাত্ৰা কাৰ্য্যসূচী লোৱাৰ বাবে বিজেপিৰ নেতা মন্ত্ৰী সকলৰ চটফটনি বাঢ়িছে। তেওঁলোকে ভাবিছে ভূপেন বৰাই এই কাৰ্য্যসূচীটো লবলৈ ইমান দুঃসাহস কেনেকৈ কৰিছে। গতিকে তেওঁলোকে সমস্যা বোৰৰ পৰা মানুহক আঁতৰাবলৈ কিছুমান অবান্তৰ কথা কবলৈ আৰম্ভ কৰিছে।”