NORTHEAST NOW (Assamese)
Popular Stories

পাকিস্তানৰ পৰা হিৰ’ইনসহ অস্ত্ৰ কঢ়িয়াই অনা শ্ৰীলংকাৰ নাও জব্দ কৰিলে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 4:48 pm
index.jpgk

কৰাচীৰ পৰা হিৰ’ইনসহ অস্ত্ৰ-সস্ত্ৰ কঢ়িয়াই অনা এখন নাও জব্দ কৰিছে ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে।

তামিলনাডুৰ উপকূলত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে প্ৰায় ১০০ কিলোগ্ৰাম ৰিহ’ইন, ৫ টা পিষ্টল আৰু ছেটেলাইট ফোনসহ বৃহৎ নাওখন জব্দ কৰে।

জব্দ কৰা নাওখনত উক্ত মাদকদ্ৰৱ্যবোৰ পাকিস্তানৰ কৰাচীৰ পৰা শ্ৰীলংকা হৈ অষ্ট্ৰেলিয়ালৈ লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে।

প্ৰকাশিত তথ্য অনুসৰি বিশেষ সূত্ৰে ভাৰতীয় চোৰাংচোৱা সংস্থাসমূহে পাকিস্তানৰ পৰা অস্ত্ৰসহ মাদক দ্ৰৱ্য সৰবৰাহ কৰা খবৰ আগতীয়াকৈ লাভ কৰিছিল।

সেই তথ্য তথা খবৰৰ ভিত্তিতে যোৱা ১৭ নৱেম্বৰৰ পৰা ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে সমুদ্ৰত নিছিদ্ৰ তালাচী অব্যাহত ৰাখিছিল।

জানিব পৰা মতে বৃহৎ নাওখনৰ গৰাকী হৈছে ফাৰ্ণাণ্ড’ নামৰ শ্ৰীলংকাৰ নেগেম্ব চহৰৰ এগৰাকী নাগৰিক।

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে নাওখনক জব্দ কৰাৰ লগতে চালকসহ ছজনলোকক আটক কৰে। ধৃত লোককেইজনক ভাৰতীয় চোৰাংচোৱা সংস্থাবোৰে জেৰা আৰম্ভ কৰিছে।

ভাৰতীয় উপকূল বাহিনীয়ে নাওখনত বৃহৎ পৰিমাণৰ মাদক দ্ৰৱ্যসহ অস্ত্ৰ-সস্ত্ৰ জব্দ কৰাতোৱে প্ৰমাণ কৰিছে সুমদ্ৰ পথেদি পাকিস্তানে বেই আইনী কামৰ লগতে সন্ত্ৰাসবাদী কাম কাজো অব্যাহত ৰাখিছে।