NORTHEAST NOW (Assamese)
অসম

প্ৰস্তুতি সম্পূৰ্ণ: কাইলৈ নৱগ্ৰহ শ্মশানত পঞ্চভূতত বিলীন হ’ব তৰুণ গগৈৰ নশ্বৰ দেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 4:37 pm
WhatsApp Image 2020-11-25 at 11.26.37 AM

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবে ৰখা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণৰ লশ্বৰ দেহত আজি শত-সহস্ৰ গুণমুগ্ধই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ পুৱা ৯ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা সমদল কৰি নৱগ্ৰহ শ্মশানলৈ অনা হ’ব প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীৰ নশ্বৰ দেহ।

ইতিমধ্যে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে নৱগ্ৰহ শ্মশান।

পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ শ্মশান চৌহদ। নৱগ্ৰহ শ্মশানৰ তিনি নম্বৰ চিতাখনত সৎকাৰ কৰা হ’ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ।সৎকাৰৰ পূৰ্বে ইয়াতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব।

প্ৰথমতে টাই আহোমৰ পৰম্পৰাগ ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি কৰা হ’ব অন্তিম সৎকাৰ।

শৱদেহ দাহনৰ সময়ত সেই স্থানত চৰকাৰ, বিভিন্ন সংগঠন তথা গুণমুগ্ধ উপস্থিত থাকিব পৰাকৈ কৰা হৈছে সকলো ব্যৱস্থা।

তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰৰ পৰা অহা লোকৰ বাবে ১০০ খন আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

নৱগ্ৰহ শ্মশান সমিতিয়ে তৰুণ গগৈৰ দেহ সৎকাৰৰ বাবে চাৰিজন লোকক নিয়োগ কৰিছে।ইপিনে আজি নৱগ্ৰহৰ সৎকাৰস্থলী পৰিদৰ্শন কৰি সকলো ব্যৱস্থাৰ বুজ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে মহানগৰীৰ আৰক্ষী আয়ুক্ত, জিলা উপায়ুক্তকে ধৰি কেইবাগৰাকীও বিষয়া।

নৱগ্ৰহ শ্মশানৰ পৰিসৰ যথেষ্ঠ ঠেক, গতিকে তাত প্ৰায় এহেজাৰ লোক সমবেত হ’ব পাৰিব বুলি প্ৰশাসনে ধাৰণা কৰিছে। সেই অনুসৰি যাৱতীয় সকলো তৎপৰতা অব্যাহত ৰাখিছে প্ৰশাসনে।