NORTHEAST NOW (Assamese)
অসম

যোৰহাট পুলিবৰ আৰক্ষী থানাই পুনৰ জব্দ কৰিছে বৃহৎ সংখ্যক অবৈধ বিলাতী সুৰা

Posted by: এন ই নাও নিউজ, টীয়ক Updated by: এন ই নাও নিউজ, টীয়ক February 3, 2022 4:19 pm
illegal liquor seized

যোৰহাট পুলিবৰ আৰক্ষী থানাই পুনৰ জব্দ কৰিছে বৃহৎ সংখ্যক অবৈধ বিলাতী সুৰা। আৰক্ষীয়ে ভাঙি চুৰমাৰ কৰে বহিৰাগত এই সুৰাৰ বটল।

পশ্চিম যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চিত্তৰঞ্জন বুঢ়াগোহাঁইয়ে নিজ হাতেৰে ভাঙিলে এই অবৈধ সুৰাৰ বটল।

ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীৰ নেতৃত্বৰ লগতে বি ১১৯ অৰ্ধসামৰিক বাহিনীৰ নেতৃত্বত কৰায়ত্ত কৰা হয় এই অবৈধ সুৰা খিনি।

লগতে পঢ়ক: স্বামী লাগিব নেকি? স্বামীৰ নিলাম ঘোষণা কৰি মহিলাৰ চৰ্ত’ ‘সলনি বা ঘুৰাই লোৱা নহয়’

অভিযানকাৰী দলটোৱে থানা এলেকাৰ চৌহদত জব্দকৃত সুৰা খিনি ধ্বংস কৰে।

পুলিবৰ আৰক্ষীয়ে ওপৰ গৰুমৰা গাৱঁৰ পৰা সুৰা খিনি জব্দ কৰি থানাৰ চৌহদহতে এইদৰে ধ্বংস কৰে।