NORTHEAST NOW (Assamese)
ক্ৰীড়া

শ্ৰীলঙ্কাৰ বিৰুদ্ধে বাংগালুৰুত দিবা-নৈশ টেষ্টত অংশ ল’ব ভাৰতে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 3, 2022 4:47 pm
India VS Sri Lanka

ভাৰত আৰু শ্ৰীলংকাৰ মাজত হ’বলগীয়া দুখন মেচৰ টেষ্ট শৃংখলাৰ এখন টেষ্ট বাংগালুৰুত দিবা-নৈশ মেচ হিচাপে অনুষ্ঠিত কৰা হ’ব। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীয়ে এই কথা সদৰি কৰিছে।

২০ ফেব্ৰুৱাৰীত কলকাতাত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে সীমিত অভাৰৰ শৃংখলা সমাপ্ত হোৱাৰ পিছত ভাৰতে ফেব্ৰুৱাৰীৰ শেষৰ ফালে আৰু মাৰ্চৰ আৰম্ভণিতে শ্ৰীলঙ্কাৰ বিৰুদ্ধে তিনিখন টি-২০ আৰু দুখন টেষ্টৰ ঘৰুৱা শৃংখলাত ভাগ ল’ব।

“পিংক বলৰ দিবা-নৈশ টেষ্ট খন বাংগালুৰুত অনুষ্ঠিত হ’ব। আমি এতিয়ালৈকে শ্ৰীলংকা শৃংখলাৰ সকলো স্থানৰ বিষয়ে সিদ্ধান্ত লোৱা নাই, কিন্তু শীঘ্ৰেই এই সন্দৰ্ভত ঘোষণা কৰা হ’ব।”- সংবাদ মাধ্যমৰ আগত গাংগুলীয়ে কয়।

উল্লেখ্য যে ভাৰতে তৃতীয়বাৰৰ বাবে দিবা-নৈশ টেষ্ট আয়োজন কৰিব। ইয়াৰ পূৰ্বে ভাৰতে ২০১৯ চনৰ নৱেম্বৰত কলকাতাত বাংলাদেশৰ বিৰুদ্ধে আৰু ২০২১ চনৰ ফেব্ৰুৱাৰীত আহমেদাবাদত ইংলেণ্ডৰ বিৰুদ্ধে স্বদেশত দিবা-নৈশ টেষ্টত ভাগ লৈছিল।

আনহাতে যোৱা মাহত ভাৰতীয় টেষ্ট দলৰ অধিনায়ক পদৰ পৰা বিৰাট কোহলীয়ে পদত্যাগ কৰাৰ পিছত শ্ৰীলংকাৰ বিৰুদ্ধে টেষ্ট শৃংখলাত এজন নতুন অধিনায়কৰ অধীনত খেলিব ভাৰতে।