NORTHEAST NOW (Assamese)
Popular Stories

বনাঞ্চল পুঁজিপতিক দিয়াৰ ষড়যন্ত্ৰত চৰকাৰ লিপ্ত হোৱাৰ অভিযোগ আপৰঃ অবৈধ কয়লা খননৰ বিৰুদ্ধেও ইডি-চিবিআইৰ তদন্তৰ দাবী

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী January 17, 2025 8:40 pm

“বিশ্বৰ দুষ্প্ৰাপ্য হলৌ বান্দৰৰ বিচৰণ ভূমি গিবন অভয়াৰণ্যৰ জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে কেন্দ্ৰীয় চৰকাৰে। অসমৰ জনমতক উপেক্ষা কৰি কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বন্য প্ৰাণী ব‘ৰ্ডৰ ষ্টেণ্ডিং কমিটীয়ে হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ ইক’ ছেনছিটিভ জ’নত তেল আৰু প্ৰাকৃতিক গেছ খননৰ অনুমোদন জনাইছে। ৰাজ্যৰ সংৰক্ষিত বনাঞ্চল আৰু পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি বেদান্ত গ্ৰুপৰ স্বাৰ্থত তেল আৰু প্ৰাকৃতিক গেছ অন্বেষণৰ বাবে দিয়া অনুমোদনৰ সিদ্ধান্ত চৰকাৰে শীঘ্ৰেই প্ৰত্যাহাৰ কৰা উচিত। ” আজি মহানগৰীৰ আম আদমী পাৰ্টিৰ  কাৰ্যালয়ত দলৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত কয়,” নানা প্ৰজাতিৰ ঔষধি গছ, পৃথিৱী বিখ্যাত হলৌ বান্দৰৰ উপৰি বহু দুষ্প্ৰাপ্য পশু- পক্ষীৰ বিচৰণ ভূমি হোলোঙাপাৰ গিবন অভয়াৰণ্যত খনিজ সম্পদ আহৰণৰ বাবে যদি কোম্পানী সমূহে খনন আৰম্ভ কৰে, তেন্তে পৰিবেশৰ ওপৰত ইয়াৰ বিৰূপ প্ৰভাৱ পৰিব। প্ৰাকৃতিক ভাৰসাম্য আৰু জলবায়ুৰ ওপৰতো ইয়াৰ নেতিবাচক প্ৰভাৱ পৰিব।

অঞ্চলটোৰ জৈৱ বৈচিত্ৰ সম্পূৰ্ণৰূপে বিধ্বস্ত হ‘ব। সেইবাবেই ৰাজ্যৰ বনাঞ্চল সমূহ পুঁজিপতিৰ হাতত গতাই দিয়াৰ আমি বিৰোধিতা কৰিছোঁ। চৰকাৰে ভৱিষ্যত প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত এই অনুমোদনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰক। বেদান্ত গ্ৰুপৰ সৈতে চৰকাৰে কৰা চুক্তি অবিলম্বে বাতিল কৰক। “

আনহাতে, সংবাদমেলত ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননৰ বিৰুদ্ধেও সৰৱ হয় আপৰ ৰাজ্যিক উপ সভাপতি অনুৰূপা ডেকাৰজাই । অবৈধ ৰেট হোল মাইনিং কাণ্ডৰ সৈতে জড়িত ডিমা হাছাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচাৰ পত্নী কনিকা হোজাইক গ্ৰেপ্তাৰৰ দাবী জনায় আপৰ জ্যেষ্ঠ নেত্ৰী গৰাকীয়ে। এই সন্দৰ্ভত ডেকাৰজাৰ ভাষ্য, “কনিকা হোজাইক গ্ৰেপ্তাৰৰ লগতে দেৱলাল গাৰ্লোচাক পদৱীৰ পৰা অপসাৰণ কৰা উচিত। আম আদমী পাৰ্টিয়ে ডিমা হাছাও জিলাৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চিবিআই অথবা ইডিৰ জড়িয়তে তদন্তৰ দাবী জনাইছোঁ।”