NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত গৰু চুৰিৰ পিছত এইবাৰ চাউল চুৰিত নামিল বিজেপি কৰ্মী

Posted by: পার্শ্বজোতি গগৈ, শিৱসাগৰ Updated by: পার্শ্বজোতি গগৈ, শিৱসাগৰ February 3, 2022 5:15 pm
BJP leader involved in rice theft

সৰিয়হৰ ডলিত ভূত! শাসনাধিষ্ঠ বিজেপি চৰকাৰখনে অপৰাধীৰ বিৰুদ্ধে ‘জেহাদ’ ঘোষণা কৰিছে বুলি দম্ভালি মাৰোঁতে নিজ দলৰ নেতা-কৰ্মীয়েই লিপ্ত হৈছে চুৰি কৰ্মত।

কেইটামান দিন পূৰ্বে শিৱসাগৰৰ এজন বিজেপি নেতাৰ গৰু চুৰিৰ কাণ্ড মাৰ নাযাওঁতেই এইবাৰ চাউল চুৰিত নামিছে আন এগৰাকী বিজেপি নেত্ৰী।

এইগৰাকী বিজেপি নেত্ৰীৰ ৰেচন কাৰ্ড কেলেংকাৰীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে ৰাইজৰ দল।

আজি ৰাইজৰ দলৰ শিৱসাগৰ সমষ্টিৰ সাধাৰণ সম্পাদক জিতুজ্যোতি গায়নৰ নেতৃত্বত এটা সজাতি দলে শিৱসাগৰ জিলা উপায়ুক্তক স্মাৰক পত্ৰ প্ৰদান কৰে।

স্মাৰক পত্ৰত ৰাইজৰ দলে বিজেপি নেত্ৰী তথা প্ৰাক্তন পৌৰপতি মৃদুস্মিতা সিনহাই ভুৱা ৰেচন কাৰ্ডৰ জড়িয়তে চৰকাৰী চাউল আত্মসাৎ কৰি থকা যি অভিযোগ উত্থাপন হৈছে সেই সম্পৰ্কত উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে।

উল্লেখ্য যে বুধবাৰে ‘নৰ্থইষ্ট নাও’ত শিৱসাগৰৰ প্ৰাক্তন পৌৰপতি তথা বিজেপি দলৰ নেত্ৰী মৃদুস্মিতা সিনহাই মৃদুস্মিতা দত্তৰ নামত চৰকাৰী ৰেচন কাৰ্ডৰ জড়িয়তে চাউলকে ধৰি বিভিন্ন সা সুবিধা গ্ৰহণ কৰি থকাৰ এক বাতৰি প্ৰচাৰ হৈছিল।

নৰ্থইষ্ট নাওৰ বাতৰিৰ পিছতেই সৰৱ হৈ পৰে ৰাইজৰ দল। প্ৰাক্তন পৌৰপতি গৰাকীৰ বিৰুদ্ধে ন্যায়িক তদন্তৰ দাবী কৰে ৰাইজৰ দলে।