NORTHEAST NOW (Assamese)
অসম

তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়া: ২৬ নৱেম্বৰত ৰাজ্য চৰকাৰৰ অৰ্ধ ছুটী ঘোষণা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 7:48 pm
a gogoi

প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ কাইলৈ গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত অন্ত্যষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

সেই উপলক্ষ্যে নৱগ্ৰহ শ্মশানত যাৱতীয় সকলো প্ৰস্তুতি সম্পন্ন কৰা হৈছে।তৰুণ গগৈৰ অন্ত্যেষ্টিক্ৰিয়াৰ দিনটোত ৰাজ্য চৰকাৰে অৰ্ধ ছুটী ঘোষণা কৰিছে।

প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ৰাজ্য চৰকাৰে কাইলৈ অৰ্থাৎ ২৬ নৱেম্বৰৰ দিনা দিনৰ এক বজাৰ পৰা অৰ্ধ ছুটী ঘোষণা কৰিছে।

ৰাজ্য চৰকাৰে প্ৰকাশ কৰা জাননীত কোৱা হৈছে যে কাইলৈ দিনৰ এক বজাৰ পৰা সকলো চৰকাৰী, অৰ্ধ চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান, চৰকাৰী বোৰ্ড, নিগম-নিকায় আদি বন্ধ থাকিব।

উল্লেখ্য প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য অনুষ্ঠানৰ বাবে সাজু কৰি তোলা হৈছে নৱগ্ৰহ শ্মশান।

a copy

পৰিষ্কাৰ কৰা হৈছে সমগ্ৰ শ্মশান চৌহদ। নৱগ্ৰহ শ্মশানৰ তিনি নম্বৰ চিতাখনত সৎকাৰ কৰা হ’ব বৰ্ষীয়ান ৰাজনীতিক গৰাকীৰ নশ্বৰ দেহ।সৎকাৰৰ পূৰ্বে ইয়াতেই ৰাষ্ট্ৰীয় মৰ্যাদাৰে প্ৰাক্তন মুখ্য মন্ত্ৰী গৰাকীক শেষ শ্ৰদ্ধা নিবেদন কৰা হ’ব।

প্ৰথমতে টাই আহোমৰ পৰম্পৰাগ ৰীতি আৰু পাছত হিন্দু নিয়ম অনুসৰি কৰা হ’ব অন্তিম সৎকাৰ।

শৱদেহ দাহনৰ সময়ত সেই স্থানত চৰকাৰ, বিভিন্ন সংগঠন তথা গুণমুগ্ধ উপস্থিত থাকিব পৰাকৈ কৰা হৈছে সকলো ব্যৱস্থা।

তৰুণ গগৈৰ নিজা সমষ্টি তিতাবৰৰ পৰা অহা লোকৰ বাবে ১০০ খন আসন সংৰক্ষণৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে।

নৱগ্ৰহ শ্মশান সমিতিয়ে তৰুণ গগৈৰ দেহ সৎকাৰৰ বাবে চাৰিজন লোকক নিয়োগ কৰিছে।ইপিনে আজি নৱগ্ৰহৰ সৎকাৰস্থলী পৰিদৰ্শন কৰি সকলো ব্যৱস্থাৰ বুজ লয় মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰী গৰাকীৰ লগতে উপস্থিত থাকে মহানগৰীৰ আৰক্ষী আয়ুক্ত, জিলা উপায়ুক্তকে ধৰি কেইবাগৰাকীও বিষয়া।