NORTHEAST NOW (Assamese)
অসম

নগাঁৱত বাজিল তিৱা স্বায়ত্ব শাসিত পৰিষদৰ ৰণডংকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 25, 2020 9:00 pm
IMG_20201125_193316

তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি নগাঁও চহৰত আজি এক উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি হয়।

কংগ্ৰেছ, বিজেপি, অগপ দলৰ নেতা-কৰ্মী সকলে নিজৰ নিজৰ প্ৰাৰ্থীৰ সমৰ্থনত বিভিন্ন শ্লোগান দি তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ৰণদুন্দুভি বজায়।

প্ৰাৰ্থী সকলে নগাঁও চহৰৰ নেহৰুৱালিত সমবেত হৈ সমদল কৰি গৈ জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে।

আজি অন্তিম দিনা বিভিন্ন দলৰ ৩৪ গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে।

মনোনয়ন দাখিল কৰা সমষ্টি কেইটা হ’ল – ২০ নং বাৰপুজীয়া, ২১ নং টোপাকুচি, ২২ নং পুখুৰীপাৰ, ২৩ নং জৰাবাৰী, ২৪ নং জোংগাল বলহু, ৩০ নং নামবৰ লালুংগাঁও, ৩১ নং লালুংপাৰ, ২৮ নং লুটুমমাৰী, ২৯ নং কমাৰগা‍ঁও আৰু ২৫ নং চহৰী।