NORTHEAST NOW (Assamese)
অসম

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদী আক্ৰমণত দুজন নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱান শ্বহীদ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 26, 2020 7:56 pm
Indian Army

জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত আজি দুগৰাকী নিৰাপত্তাৰক্ষী বাহিনীৰ জোৱান শ্বহীদ হয়।

আজি দুপৰীয়া জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিৰপত্তাৰক্ষী বাহিনীৰ দুজনকৈ জোৱান গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।

পৰৱৰ্তী সময়ত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জোৱান দুজনক আৰ্মি হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে দুয়োকো মৃত ঘোষণা কৰে।

শ্ৰীনগৰস্থিত প্ৰতিৰক্ষা বিভাগৰ জনসম্পৰ্কৰক্ষী বিষয়াই এইকথা জানিবলৈ দিয়ে।

এই আক্ৰমণৰ ঘটনাৰ সৈতে জইছ-ই-মহম্মদ জড়িত হৈ থকা বুলি নিৰাপত্তাৰক্ষী বাহিনীয়ে জানিবলৈ দিয়ে।

‘‘নিৰাপত্তাৰক্ষী বাহিনীৰ ওপৰত সংঘটিত আক্ৰমণত জড়িত গোটক আমি ইতিমধ্যে চিনাক্ত কৰিছো। সন্ত্ৰাসবাদীৰ দলটোৱে এখন চাৰিচকীয়া বাহনত অস্ত্ৰ-সস্ত্ৰৰে সুসজ্জিত হৈ আহিছিল আৰু আক্ৰমণ সংঘটিত কৰিয়ে পলায়ন কৰে,’’ জম্মু-কাশ্মীৰ আৰক্ষীয়ে এইদৰে কয়।

ভাৰতীয় সেনা বাহিনী, চি আৰ পি এফ আৰু জম্মু-কাশ্মীৰ আৰক্ষীয়ে ইতিমধ্যে সন্ত্ৰাসবাদী কেইজনৰ সন্ধানত অভিযান আৰম্ভ কৰিছে।