NORTHEAST NOW (Assamese)
অসম

শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত চাকি-মম জ্বলাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰীলৈ শেষ শ্ৰদ্ধাঞ্জলি ‘সাহসী’ৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 26, 2020 7:32 pm
bea1636a-3ed9-4d58-872c-33698b86d92e

মহানগৰীৰ পাঞ্জাবাৰীস্থিত শংকৰদেৱ কলাক্ষেত্ৰৰ সন্মুখত চাকি-মম জ্বলাই প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ‘সাহসী’ নামৰ বেচৰকাৰী সংস্থাই।

আজি সন্ধিয়াৰ ভাগত তৰুণ গগৈক দুদিন ধৰি ৰখা শংকৰদেৱ কলাক্ষেত্ৰৰ তৃতীয় গেটৰ সন্মুখত বে-চৰকাৰী সংস্থাটোৰ কেইগৰাকীমান সদস্য মিলি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰে।

তেওঁলোকে লগতে ‘তৰুণ গগৈ অমৰ হওঁক’, ‘তৰুণ গগৈৰ আদৰ্শ চিৰযুগমীয়া হওঁক’ ইত্যাদি শ্লোগানো দিয়া পৰিলক্ষিত হয়।

সংস্থাটোৰ সভানেত্ৰী তৃষ্ণা নাথে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত কয় ‘প্ৰাক্তন মুখ্যমন্ত্ৰী ৰাজনীতিতকৈও উৰ্দ্ধত এজন আদৰ্শবান ব্যক্তিত্বৰ অধিকাৰী আছিল। তেওঁৰ মৃত্যু অসমৰ বাবে অফুৰন্ত ক্ষতি। তেওঁৰ নশ্বৰদেহ পঞ্চভূতত বিলীন হোৱাৰ পাছতে আমি তেওঁক একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছো।‘

‘অসমৰ পৰি যোৱা অৰ্থনীতি তুলি ধৰিবলৈ সক্ষম হোৱাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী শাসনলৈ আহিয়ে গুপ্তহত্যাৰে অশান্ত হোৱা অসমখনলৈ শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছিল। অসমৰ সমাজ জীৱনলৈ তেওঁৰ অৱদান অনস্বীকাৰ্য্য।‘ নাথে লগতে কয়।

এনেদৰেই এতিয়া প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ মৃত্যুত ৰাজ্যজুৰি গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হৈছে।