NORTHEAST NOW (Assamese)
অসম

এইবাৰ উত্তৰ গুৱাহাটীত আৰক্ষীয়ে জব্দ কৰিলে কোটি কোটি টকাৰ বাৰ্মিজ চুপাৰী

Posted by: মৃদুল প্ৰীতম ডেকা Updated by: মৃদুল প্ৰীতম ডেকা June 7, 2021 8:17 pm
England’s Ollie Robinson '

নামনি অসমৰ বঙাইগাঁৱকে ধৰি বিভিন্ন স্থানত বাৰ্মিজ চুপাৰী জব্দ হোৱাৰ সময়তে এইবাৰ উত্তৰ গুৱাহাটী ব্ৰহ্মপুত্ৰ ইণ্ডাষ্ট্ৰিয়েল পাৰ্কত কামৰূপ আৰক্ষীৰ অভিযানত জব্দ হ’ল কোটি কোটি টকাৰ অবৈধ চুপাৰী ।

১২ টাকৈ গুডামত অবৈধ ভাবে মজুত কৰিছিল বাৰ্মিজ চুপাৰী ।

কৰ ফাঁকিৰে বছৰ বছৰ ধৰি চলাই আহিছিল চুপাৰীৰ কলা বেহা।

অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে চুপাৰী চিণ্ডিকেটৰ লগত জৰিত ক’লা ব্যৱসায়ী চক্ৰ ।আৰক্ষীয়ে অভিযান চলাই চীল কৰি দিছে ছটাকৈ গুডাম।

এই অভিযানৰ সময়তে আৰক্ষীয়ে কেইবা লাখ বেগ চুপাৰী জব্দ কৰে।

কামৰূপ জিলাৰ দণ্ডাধীশৰ উপস্থিতিত চীল কৰা হয় গুদাম সমূহ ।

ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক খনৰ অন্য চাৰিটা গুদামটো চুপাৰী থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ।