NORTHEAST NOW (Assamese)
অসম

মাৰ্ঘেৰিটাত নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত সদ্যোজাত শিশুৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্য

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ November 27, 2020 6:20 pm

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰৰ মাজমজিয়াত অৱস্থিত ডাঃ মোবাৰক আলী মালিকানাধীন মোনাফ মেমোৰিয়েল নাৰ্চিং হোমৰ আৱৰ্জনা পেলোৱা স্থানত আজি সদ্যোজাত মৃত শিশু উদ্ধাৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

আৱৰ্জনাৰ মাজত পেলাই দিয়া সদ্যজাত শিশুটোৰ দেহ কুকুৰে ভক্ষণ কৰিবলৈ লোৱা প্ৰত্যক্ষ কৰি স্থানীয় সচেতন যুৱকে সংবাদকৰ্মীক খবৰ দিয়াত এই তথ্য পোহৰলৈ আহে।

পৰৱৰ্তী সময়ত শিশুটোৰ মৃতদেহটো নাৰ্চিংহোমখনৰ কৰ্মচাৰীয়ে উক্ত আৱৰ্জনা পেলোৱা স্থানতে এটা সৰু গাট খান্দি পুতি থয়।

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ এহাল দম্পত্তীৰ বৃহস্পতিবাৰে নিশা মৃত শিশুটি জন্ম হৈছিল বুলি নাৰ্চিহোমখনৰ কৰ্তৃপক্ষই সদৰী কৰে।

নাৰ্চিংহোমখনৰ কৰ্মচাৰীক শিশুটি সমাধিস্থ কৰিবলৈ দিয়া হৈছিল যদিও জাবৰ জোথৰ পেলোৱা স্থানত পেলাই থৈ যোৱাত এনে পৰিস্থিতিৰ সৃষ্টি হয়।

গুৰুত্বপূৰ্ণ কথাটো হ’ল যে, এইদৰে নাৰ্চিংহোমৰ চৌহদতে মৃতদেহ সৎকাৰ কৰাৰ অনুমতি আছেনে ইয়াকে লৈ স্থানীয় সচেতন ৰাইজে প্ৰশ্ন কৰিছে।

এইদৰে নীতি বিৰুদ্ধ কাম কৰি অহা এনে নাৰ্চিংহোমৰ বিৰুদ্ধে প্ৰশাসনে ব্যৱস্থা ল’বনে ইয়াকে লৈ বিভিন্নজনে সংবাদমাধ্যম যোগে প্ৰশ্ন উত্থাপন কৰে প্ৰশাসনক।

আনহাতে, নাৰ্চিংহোম কৰ্তৃপক্ষক এই সন্দৰ্ভত প্ৰশ্ন কৰাত কয় যে, মৃত্যু শিশুটি পৰিয়ালৰ লোকে সমাধিস্থ কৰিবলৈ কোৱাত তেওঁলোকে শিশুটি এদৰে পুটিবলৈ চেষ্টা কৰিছিল যদিও এইদৰে নাৰ্চি হোমৰ চৌহদতে মৃত্যু শিশু সমাধিস্থ কৰাৰ অনুমতি তেওঁলোকৰ নায়।

একাংশ লোকে এই নাৰ্চিং হোম খনত অবৈধ গৰ্ভপাত কৰাৰো সন্দেহ প্ৰকাশ কৰিছে যদিও আৰক্ষী প্ৰশাসনে এইক্ষেত্ৰত কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষণীয় হ’ব।