NORTHEAST NOW (Assamese)
অসম

২০২৪চনৰ ভিতৰত ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ পৰ্যাপ্ত বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 28, 2020 6:53 am
WhatsApp Image 2020-11-28 at 5.28.56 AM

অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে জলজীৱন মিছন আঁচনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

অসম চৰকাৰে ২০২৪ চনৰ ভিতৰত ৰাজ্যৰ গ্ৰাম্যাঞ্চলৰ প্ৰতিটো পৰিয়াললৈ কাৰ্য্যক্ষম পানীকল সংযোগৰ দ্বাৰা পৰ্য্যাপ্ত পৰিমানৰ আৰু নিৰ্ধাৰিত গুণৰ খোৱাপানী যোগান ধৰাৰ লক্ষ্য বান্ধি লৈছে।

এই পানী যোগান আঁচনিত জড়িত হব লগা বিভিন্ন বিষয়ৰ কাৰিকৰী ব্যক্তিৰ দক্ষতা বিকাশৰ বাবে জিলা ভিত্তিক প্ৰশিক্ষন কাৰ্য্যসূচীৰো শুকুৰবাৰে শুভাৰম্ভ কৰে বিভাগীয় মন্ত্ৰী ৰিহন দৈমাৰীয়ে।

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ লক্ষ্য হ’ল জলজীৱন মিছনৰ অধীনত ঘৰে ঘৰে বিশুদ্ধ পানী যোগান ধৰা।