NORTHEAST NOW (Assamese)
অসম

প্ৰথমবাৰৰ বাবে দেশত সক্ৰিয় ক’ৰ’না আক্ৰান্তৰ সংখ্যাক অতিক্ৰম সুস্থ হৈ উঠা লোকৰ সংখ্যাৰ; বৰ্তমানলৈ ১,৩৫,২০৫ গৰাকী লোক সুস্থ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 12:30 pm

সমগ্ৰ দেশত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰি থকাৰ সময়তে শেহতীয়া এক পৰিসংখ্যাই সকলোৰে মনত আশাৰ সঞ্চাৰ কৰিছে।

শেহতীয়াভাৱে দেশত প্ৰথমবাৰৰ বাবে সক্ৰিয় হৈ থকা ক’ৰ’না আক্ৰান্তৰ সংখ্যাক অতিক্ৰম কৰিছে দেশত ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যায়।

বুধবাৰে দেশত চিকিৎসাৰ অন্তত ক’ৰ’নাৰ পৰা সুস্থ হৈ উঠা লোকৰ সংখ্যা হৈছে ১,৩৫,২০৫ গৰাকী।

আনহাতে, বৰ্তমান দেশৰ বিভিন্ন চিকিৎসালয়ত মুঠ ১,৩৩,৬৩২ গৰাকী লোক চিকিৎসাধীন হৈ আছে।

তদুপৰি, ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ভাৰতত এতিয়ালৈ মুঠ ৭,৭৪৫ গৰাকী লোকৰ মৃত্যু হৈছে।

মহাৰাষ্ট্ৰত দেশৰ ভিতৰত সৰ্বাধিক লোক ক’ৰ’নাত আক্ৰান্ত হৈছে। মহাৰাষ্ট্ৰত এতিয়ালৈ ৮০,০০০ অধিক লোক ক’ৰ’নাত আক্ৰান্ত হ’বলগীয়া হৈছে।

ক’ৰ’না আক্ৰান্ত ৰোগীৰ বিপৰীতে শেহতীয়াভাৱে সুস্থ হৈ উঠা ৰোগীৰ সংখ্যাই সমগ্ৰ ভাৰতবাসীৰ মনত আশাৰ সঞ্চাৰ কৰিছে।