NORTHEAST NOW (Assamese)
অসম

বাঘজানত অগ্নিদগ্ধ অৱস্থাত দুজন অইলৰ কৰ্মচাৰীৰ মৃতদেহ উদ্ধাৰ

Posted by: অভিক চক্ৰৱৰ্তি Updated by: অভিক চক্ৰৱৰ্তি June 10, 2020 12:31 pm

বাঘজান তৈলক্ষেত্ৰৰ সমীপৰ পৰা আজি সম্পূৰ্ণ ৰূপে জ্বলি যোৱা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। SDRF আৰু NDRF ৰ উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰে মৃতদেহ দুটা।

উদ্ধাৰ হোৱা লোক দুজন অইল ইণ্ডিয়া লিমিটেডত কৰ্মৰত দুৰ্লভ গগৈ আৰু তিলেশ্বৰ গোহাঁই বুলি চিনাক্ত কৰা হৈছে।

ইয়াৰে দুৰ্লভ গগৈ আছিল এজন প্ৰাক্তন ফুটবলাৰ। তেওঁ অসমৰ ৰাজ্যিক ফুটবল দলৰ গলকীপাৰ আছিল বুলি জানিব পা যায়।

উল্লেখ্য যে তিনিচুকীয়াস্থিত অইল ইণ্ডিয়া লিমিটেডৰ বাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছৰে পৰা এই লোক দুজন নিৰুদ্দেশ হৈ আছিল।

যোৱা ২৭ মে’ৰ পৰাই বাঘজানৰ ৫ নম্বৰ খাদৰ পৰা গেছ নিৰ্গত হৈ আছিল আৰু মঙলবাৰে ইয়াৰ বিস্ফোৰণ ঘটাত ভয়ংকৰ পৰিস্থিতিৰ উদ্ভৱ হয়।

জানিব পৰা মতে খাদত বিস্ফোৰণ ঘটাৰ সময়ত উপস্থিত আছিল ছিংগাপুৰৰ পৰা অহা বিশেষজ্ঞ তিনিজন।

খাদৰ পৰা নিৰ্গত হৈ থকা গেছ নিয়ন্ত্ৰণ কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটিডে মাতি অনা বিশেষজ্ঞ তিনিজন যোৱা দেওবাৰে ডুলীয়াজনত উপস্থিতি হৈছিল।

ইফালে বাঘজানৰ জুই নিয়ন্ত্ৰণৰ বাবে ইণ্ডিয়ান এয়াৰ ফ’ৰ্চে তিনিখন ফায়াৰ টেণ্ডাৰ্ছ পঠিওৱা বুলি জানিব পৰা গৈছে।