NORTHEAST NOW (Assamese)
অসম

দেশত আৱিস্কাৰ হ’ল এইবাৰ এটা শতাব্দী প্ৰাচীন সুৰংগ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 7:47 am
aa70b8cee6e487ce20c7e54751039b3c

শতাব্দী প্ৰাচীন বুলি ধাৰণা কৰা এটা সুৰংগ এইবাৰ আৱিস্কাৰ হৈছে ভাৰতৰ এটা প্ৰান্তত।

জানিব পৰা মতে পশ্চিমবংগৰ পূব বৰ্দ্ধমান জিলাত এটা গৃহৰ ভেটি নিৰ্মাণৰ বাবে মাটি খন্দাৰ সময়তে সুৰংগটো আৱিস্কাৰ হয়।

দেওবাৰে সূত্ৰসমূহে এই বাতৰি প্ৰকাশ কৰিছে।

শনিবাৰে জিলাখনৰ মাহাতা গাঁৱৰ জিয়াৰুল মল্লিকৰ মাটিত গৃহ নিৰ্মাণৰ ভেটিৰ কাম কৰি থকাৰ সময়তে সুৰংগটোৰ সম্ভেদ লাভ কৰা হয়।

সুৰংগটো সাত ফুট বহল আৰু চাৰি ফুট ওখ সন্মুখভাগ উদ্ধাৰ হোৱা বুলি জিলা বিষয়াসকলে সদৰী কৰে।

তেওঁলোকে জানিব দিয়া মতে, দেওবাৰে ভাৰতীয় পুৰাতাত্ত্বিক জৰীপ বিভাগৰ এটা দলে গাঁৱখন পৰিদৰ্শন কৰে।

এগৰাকী ইতিহাসবিদ সৰবজিৎ যশে সুৰংগটো ২৫০-৩০০ বছৰ পুৰণি বুলি ধাৰণা কৰিছে।

তেওঁ ইয়াৰ কিছু অংশ জৈন ভাস্কৰ্যৰ সৈতে সাদৃশ্য থকা বুলি কয়।

ইতিহাসবিদগৰাকীয়ে লগতে সুৰংগটো ব্ৰিটিছ শাসনৰ পূৰ্বৰ সময়ছোৱাৰ কোনো আভিজাত্যশীল পৰিয়ালৰ হ’ব পাৰে বুলিও ব্যক্ত কৰে।

এগৰাকী আৰক্ষী বিষয়াই কয় যে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সুৰংগটো চাবলৈ মাহাতা গাঁৱলৈ জনস্ৰোত বোৱালৈ চাই আৰক্ষীয়ে অঞ্চলটো সম্পূৰ্ণ সুৰক্ষিত কৰি বেৰি ৰাখিছে।