NORTHEAST NOW (Assamese)
অসম

ভাৰতৰ নাগৰিকত্ব দিলে আধা বাংলাদেশ খালী হৈ যাব: কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 10, 2020 8:51 am
EPx5OjlUYAAKiuS

তেওঁলোকক ভাৰতৰ নাগৰিকত্ব দিয়াৰ প্ৰতিশ্ৰুতি দিলে বাংলাদেশৰ নাগৰিকৰ আধা অংশই সেই দেশ এৰি সীমান্ত পাৰ হৈ গুচি আহিব।

কেন্দ্ৰীয় গৃহ ৰাজ্য মন্ত্ৰী জি কিষান ৰেড্ডীয়ে দেওবাৰে এইদৰে কয়।

মন্ত্ৰী গৰাকীয়ে হায়দৰাবাদত সন্ত ৰবিদাস জয়ন্তী উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেলেংগানাৰ মুখ্য মন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওক নাগৰিকত্ব সংশোধনী আইন ভাৰতত বাস কৰা লোকৰ বিৰুদ্ধে যোৱাৰ প্ৰমান কৰিবলৈ প্ৰত্যাহ্বান জনায়।

ৰেড্ডীয়ে কয়,’’তেওঁলোকে অনুপ্ৰৱেশকাৰীৰ বাবে নাগৰিকত্ব বিচাৰে। ভাৰত চৰকাৰে কা পুনৰীক্ষণ কৰিবলৈ সাজু যদিহে ইয়াত ১৩০ কোটি লোকৰ বিৰুদ্ধে এটা শব্দও থাকে, সেই বুলি পাকিস্তানী বা বাংলাদেশী মুছলমানৰ নহয়।‘’

নাগৰিকত্ব সংশোধনী আইনৰ দ্বাৰা পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ পৰা ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ অহা লোকক মানৱীয়তাৰ খাতিৰত নাগৰিকত্ব দিয়াৰ কথা উল্লেখ কৰি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে কয় যে কিছুমান ৰাজনৈতিক দলে সেই দেশকেইখনৰ পৰা অহা মুছলমানসকলকো নাগৰিকত্ব দিয়াৰ দাবী তুলিছে।

তেওঁ নেতা আছাউদ্দিন ওৱেছীৰ এ আই এম আই এমক টি আৰ এছৰ সগোত্ৰীয় দল বুলি কৈ ওৱেজীয়ে বোট বেংকৰ ৰাজনীতি কৰা বুলি অভিযোগ কৰে।

শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰীক একেদৰে ধৰিব নোৱাৰি বুলি  উল্লেখ কৰি ৰেড্ডীয়ে দাবী কৰে যে কংগ্ৰেছৰ দৰে দলসমূহে বাংলাদেশ আৰু পাকিস্তানৰ পৰা অহা অনুপ্ৰৱেশকাৰীসকলক নাগৰিকত্ব দিব বিচাৰিছিল।