NORTHEAST NOW (Assamese)
অসম

তামিলনাডুৰ ডিএমকে বিধায়ক জে আনবাজগানৰ ক’ৰ’না সংক্ৰমণত মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 12:55 pm
তামিলনাডুৰ ডিএমকে বিধায়ক জে আনবাজগানৰ ক’ৰ’না সংক্ৰমণত মৃত্যু

ক’ৰ’নাৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱালে তামিলনাডুৰ এগৰাকী বিধায়কে।

তামিলনাডুৰ ডিএমকেৰ বিধায়ক জে আনবাজগানে বুধবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

মৃত্যুৰ সময়ত বিধায়ক গৰাকীৰ বষস হৈছিল ৬২ বছৰ।

উল্লেখযোগ্য যে, বিগত ২ জুনত বিধায়ক জে আনবাজগানক ক’ৰ’না পজিটিভ পোৱাৰ পাছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

বিধায়ক গৰাকীয়ে ৬২ বছৰীয়া জন্মদিনৰ সময়তে শেষ নিশ্বাস ত্যাগ কৰে।

বিধায়ক গৰাকীৰ মৃত্যুৰ পাছত চিকিৎসালয় কৰ্তৃপক্ষই তেওঁ ক’ৰ’নাৰ লগতে কিডনীৰ ৰোগতো ভূগি আছিল বুলি উল্লেখ কৰে।

বিগত শুকুৰবাৰে ডি এম কেৰ প্ৰধান এম কে ষ্টেলিনে আনবাজগানৰ খবৰ লৈছিল।

তামিলনাডুত ক’ৰ’নাৰ সংক্ৰমণে গুৰুতৰ ৰূপ ধাৰণ কৰিছে। তামিলানাডুৰ ভিতৰত চেন্নাই সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে।

বুধবাৰ পৰ্যন্ত তামিলনাডুৰ মুঠ ক’ৰ’না আক্ৰান্তৰ সংখ্যাই ৩০,০০০ অতিক্ৰম কৰিছে।