NORTHEAST NOW (Assamese)
অসম

বাঘজানৰ জুইত ক্ষতিগ্ৰস্ত লোকক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ June 10, 2020 1:01 pm

উজনি অসমৰ তিনিচুকীয়াৰ অইল ইণ্ডিয়া লিমিটেডৰ বাঘজানস্থিত তৈলক্ষেত্ৰত সংঘটিত অগ্নিকাণ্ডৰ ঘটনা অৱগত কৰোৱাৰ উদ্দেশ্যে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।

বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা সকোল প্ৰকাৰৰ সহায় বিচাৰিছে মুখ্য মন্ত্ৰী সোণোৱালে।

ইফালে প্ৰধান মন্ত্ৰী মোদীয়ে সৰ্বানন্দ সোণোৱালৰ আহ্বানক সহাঁৰি জনাই বাঘজানৰ জুই নিয়ন্ত্ৰণৰ লগতে ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে।

উল্লেখ্য যে যোৱা ২৭ মে’ৰ পৰাই বাঘজানৰ ৫ নম্বৰ খাদৰ পৰা গেছ নিৰ্গত হৈ আছিল আৰু মঙলবাৰে ইয়াৰ বিস্ফোৰণ ঘটাত এক অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয়। নিমিষতে অঞ্চলটোক ভয়ংকৰ জুইয়ে আৱৰি ধৰে।

এই অগ্নিকাণ্ডৰ ফলত অইলত কৰ্মৰত দুজন কৰ্মচাৰীৰ মৃত্যু ঘটে। SDRF আৰু NDRF ৰ উদ্ধাৰকাৰী দলে আজি লোক দুজনৰ মৃতদেহ অগ্নিদদ্ধ অৱস্থাত উদ্ধাৰ কৰে।

ইফালে খাদৰ পৰা নিৰ্গত হৈ থকা গেছ নিয়ন্ত্ৰণ কৰাৰ বাবে অইল ইণ্ডিয়া লিমিটিডে মাতি অনা ছিংগাপুৰৰ বিশেষজ্ঞ তিনিজনে বাঘজানৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কমেও চাৰি সপ্তাহৰ প্ৰয়োজন হ’ব বুলি মন্তব্য কৰে।