NORTHEAST NOW (Assamese)
অসম

সামৰিক বাহিনী বিশেষ ক্ষমতা আইনক লৈ আলফা স্বাধীনৰ সভাপতি অভিজিৎ অসমৰ প্ৰতিক্ৰিয়া

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ November 29, 2020 8:19 am
ULFA-I-750x375

ভাৰতীয় সেনাই ইয়াৰ কীৰ্তি দাঙি ধৰিবলৈ অসমত সামৰিক বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) চলাই নিবলৈ বিচাৰে। সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সভাপতি অভিজিৎ অসম এইদৰে কয়।

শনিবাৰে বিদ্ৰোহী সংগঠনটোৰ ‘প্ৰতিবাদ দিৱস’ উপলক্ষে আলফা (স্বাধীন)ৰ সভাপতিগৰাকীয়ে প্ৰেৰণ কৰা এক বিবৃতিটোত কয় যে  তেওঁলোকৰ ‘বৰ্বৰ কাৰ্য’ চলাই নিবলৈ সেনাই অসমত এই আইনখন বিচাৰে।

২৩ বছৰ পূৰ্বে আলফাক নিষিদ্ধ ঘোষণা কৰাৰে পৰা এই দিনটোক বিদ্ৰোহী সংগঠনটোৱে ২৮ নৱেম্বৰৰ দিনটো প্ৰতিবাদ দিৱস হিচাপে পালন কৰি আহিছে।

‘’১৯৪৪চনত বৃটিছে ভাৰতৰ স্বাধীনতা সংগ্ৰামক দমন কৰাৰ বাবে অনা এই আইনখনকে পাছত ভাৰতীয় সংবিধানিন স্বীকৃতিৰে ১৯৫৮চনত অসমত AFSPAহিচাপে বলবৎ কৰা হয়’’-অভিজিৎ অসম কয়।

তেওঁ কয় যে সেনাই আইনখন প্ৰত্যাহাৰ কৰাটো নিবিচাৰে কিয়নো ই তেওঁলোকক অসমক এক বধ্যভূমিলৈ পৰিণত কৰাৰ ক্ষমতা দিছে আৰু তেওঁলোকৰ ‘বৰ্বৰ কাৰ্য’ক মহিমান্বিত কৰাত সহায় কৰিছে।

AFSPAই নিৰাপত্তা বাহিনীসমূহক কোনো আগতীয়া জাননী নিদিয়াকৈ যিকোনো স্থান অভিযান চলোৱা আৰু যিকোনো লোকক গ্ৰেপ্তাৰ কৰাৰ ক্ষমতা দিছে।

‘’এইটো কোৱা হৈছে যে আলফা (স্বাধীন) দুৰ্বল হৈ পৰিছে। যদি সেয়াই হয়, তেতিয়াহ’লে এনেকুৱা এখন ক’লা আইন অসমত কিহৰ বাবে প্ৰয়োজন? উত্তৰটো হৈছে- ভাৰতীয় শাসকপক্ষই ভালদৰে বুজিব পাৰে যে অসমৰ থলগিৰি ৰাইজে সদায় স্বাধীনতা বিচাৰে,’’-তেওঁ লগতে কয়।

তেওঁ অসমৰ জনসাধাৰণক এই সিদ্ধান্তত অটল থাকিবলৈ আহ্বান জনায়।