NORTHEAST NOW (Assamese)
অসম

প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াত পঞ্চায়ত কাৰ্যালয়ৰ বেৰত মাথোঁ ওলমি ৰৈছে ইন্টাৰনেট বক্সসমূহ

Posted by: চানু গগৈ Updated by: চানু গগৈ November 29, 2020 11:16 am
WhatsApp Image 2020-11-29 at 10.42.53 AM

ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াৰ সপোনত বিজুঁতি। সবকা সাথ সবকা বিকাশ,মেক ইন ইণ্ডিয়া,লোকেল ভোকেল গ্ল’বেল তথা পৰিবৰ্তনৰ চুনামি সৃষ্টি কৰি দিল্লীৰ মছনদ দখল কৰা গেৰুৱা বাহিনীৰ বাবে এইবোৰ যেন এতিয়া সকলো প্ৰহসণত পৰিনত হৈ পৰিছে।

বিভিন্ন মনপৰশা আচঁনি সমূহৰ ভিতৰত প্ৰধানমন্ত্ৰী ডিজিটেল ইণ্ডিয়াই সচাকৈয়ে গ্ৰামাঞ্চলৰ জনসাধাৰণক বিশ্বৰ বতৰা ঘৰতে যোগাব নেকি ? প্ৰধানমন্ত্ৰীৰ ডিজিটেল ইণ্ডিয়াই কেতিয়া লাভ কৰিব সফলতা? এই প্ৰশ্ন বানেধোৱা মৰিগঞা ৰাইজৰ।

স্নতৰ্ব্য যে, যি সময়ত কেন্দ্ৰীয় চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ জড়িয়তে দেশৰ প্ৰতিখন গাঁও পঞ্চায়তক ইণ্টাৰনেট সেৱাৰে সংলগ্ন কৰি গাঁওবাসীক সকলো যাৱতীয় তথ্য সহজতে উপলব্ধ কৰিব বিচাৰিছে, তেনে সময়তে কেৱল গাঁও পঞ্চায়তৰ কাৰ্যালয়ে কাৰ্যালয়ে বেৰত ইণ্টাৰনেট বক্মসমূহ আঁৰিয়েই যেন চৰকাৰে সকলো দায়িত্ব সামৰিছে।

ব্যৱহাৰ কৰাৰ পূৰ্ৱে সেই বক্মসমূহ বিজুঁতি ঘটা বুলিও এতিয়া খোদ পঞ্চায়সমূহৰ কৰ্মচাৰীয়ে ‘নৰ্থ ইষ্ট নাওক’ জানিবলৈ দিয়ে।

ভালুকৰ সাঙীত পৰিণত হোৱা উক্ত ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হোৱা কাৰ্যই সামগ্ৰিকভাৱে জিলাখনৰ সচেতন মহলৰ মাজতো সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।

সেয়ে জনসাধাৰণৰ ধনবোৰ এনেদৰে অপব্যয় নকৰি শীঘ্ৰে এই সামগ্ৰীসমূহক কাৰ্যক্ষম কৰি তুলিবলৈ জিলাখনৰ বাসিন্দাসকলে চৰকাৰলৈ দাবী জনাইছে।