NORTHEAST NOW (Assamese)
Popular Stories

হোটেললৈ মাতি আনি উদ্দাম যৌনতা ৰক ষ্টাৰৰ! ধৰ্ষণৰ অভিযোগ তাৰকা মডেলৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 24, 2023 8:37 am

বিখ্যাত ৰক বেণ্ড গানছ এন ৰোজেছ (Guns N’ Roses)ৰ ফ্ৰন্টমেন এক্সল ৰোজ চৰম বিপদত পৰিছে। ৬১ বছৰ বয়সত তেওঁ ধৰ্ষণৰ গোচৰত জড়িত হৈ পৰিছে। যদিও পৃথিৱী কঁপোৱা ৰকষ্টাৰগৰাকীয়ে তেওঁৰ ২৭ বছৰ বয়সতে এই কাণ্ড সংঘটিত কৰিছিল।

পেণ্টহাউছ আলোচনীৰ প্ৰাক্তন মডেল শ্বিলা কেনেডীয়ে এক্সেল ৰোজৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ১৯৮৯ চনৰ ঘটনা। সেই সময়ত শ্বিলাৰ বয়স আছিল ২৬ বছৰ। হাৰ্ড ৰক বেণ্ডৰ গায়ক আৰু গীতিকাৰগৰাকীয়ে শ্বিলাক হোটেলৰ ছুইটলৈ মাতি আনে। তাৰ পিছত এক্সেলে শ্বিলাৰ ওপৰত জপিয়াই পৰে।

শ্বিলাই কয় যে হোটেলত এক্সেলে তেওঁক যৌন নিৰ্যাতন চলাইছিল, যাৰ ফলত তেওঁৰ মনত উদ্বিগ্নতা আৰু হতাশাৰ সৃষ্টি হৈছিল। ইয়াৰ ফলত তেওঁৰ কেৰিয়াৰো ক্ষতিগ্ৰস্ত হয়। দীৰ্ঘদিন ধৰি পোষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰত ভুগিছিল।

লগতে পঢ়কঃ India vs Australia 1st T20: শ্বাসৰুদ্ধকৰ মেচত সূৰ্যৰ উত্তাপ! অষ্ট্ৰেলিয়াক দুই উইকেটত পৰাস্ত কৰিলে টীম ইণ্ডিয়াই

শ্বিলাই গোচৰটোত কয় যে এক্সেলে তেওঁৰ হোটেলৰ কোঠাত মদ আৰু ড্ৰাগছৰ পাৰ্টি কৰি আছিল। তালৈ শ্বিলাৰ নিমন্ত্ৰণ আহিছিল। প্ৰথম দেখাৰ লগে লগে এক্সেলে শ্বিলাক দেৱালত ঠেলি ধৰি চুম্বন কৰিছিল। অৱশ্যে এই কথাত তেওঁৰ কোনো আপত্তি নাছিল।

কিন্তু নিশা আগবাঢ়ি যোৱাৰ লগে লগে এক্সেলৰ শাৰীৰিক খেল আৰম্ভ হ’ল। কোঠাটোত আন এগৰাকী মডেলৰ সৈতে তেওঁ উদ্দাম যৌনতাত মত্ত আছিল বুলিও শ্বিলাই কয়। তেনেতে এক্সেলৰ চকু শ্বিলাৰ ওপৰত পৰে। তেতিয়াই গায়কগৰাকীয়ে শ্বিলাক যৌন নিৰ্যাতন চলায়।

ইপিনে, এক্সেল ৰোজৰ অধিবক্তা এলান এছ গুটমেনে এক বিবৃতিত এই অভিযোগ পোনপটীয়াকৈ অস্বীকাৰ কৰে। সহজ ভাষাত ক’বলৈ গ’লে এই কাণ্ড কেতিয়াও হোৱা নাছিল বুলিও তেওঁ কয়। এইবোৰ ভিত্তিহীন অভিযোগ। এক্সেলে মনত পেলাব পৰা নাই যে তেওঁ কেতিয়াবা শ্বিলাক আচলতে দেখা পাইছে নে নাই!’

লগতে পঢ়কঃ ‘তেতিয়া মই ঐশ্বৰ্যক ধৰ্ষণ কৰাৰ সুযোগ পালোহেঁতেন…’, অভিনেতাৰ বিতৰ্কিত মন্তব্য

এতিয়া  আদালতে কি ৰায় দিয়ে সেইটো লক্ষ্যণীয় হ’ব! ‘নৱেম্বৰ ৰেইন’ নামৰ বিখ্যাত গীতটো লিখি গাইছিল এক্সেলে! যিটো এক কালজয়ী সৃষ্টি। আৰু সেই নৱেম্বৰ মাহতে বিপদত পৰিল এক্সেল।