NORTHEAST NOW (Assamese)
অসম

জাগীৰোডত ড্ৰাগছ সহ ২ সৰবৰাহকাৰীক আটক

Posted by: চানু গগৈ Updated by: চানু গগৈ November 29, 2020 5:40 pm
a drugs

আগন্তুক তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ বাবে মৰিগাঁও জিলাৰ আৰক্ষী প্ৰশাসনৰ লগতে সাধাৰণ জনতা ব্যস্ত থকাৰ সময়তে  জাগীৰোড আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আজি অবৈধ ড্ৰাগছ সহ দুজন ড্ৰাগছ সৰবৰহকাৰীক আটক কৰিবলৈ সক্ষম হয়।

এই কাৰ্যই জিলাখনত যে এতিয়াও অসামাজিক চক্ৰই পৰিবেশ অস্থিৰ কৰি তুলিবলৈ চেষ্টা চলাই আহিছে সেয়া প্ৰমাণ কৰিছে।

উল্লেখ্য যে জাগীৰোড বাছ আস্থানত আজি আৰক্ষীয়ে নিয়মীয়া তালাচীৰ সময়ত মায়ঙৰ ঠেংভঙাৰ প্ৰীয় কুমাৰ দাস আৰু জাগীৰোড ঘুনুছাৰ উত্তম দেৱনাথ নামৰ ব্যক্তি দুজনক সন্দেবশতঃ তালাচী চলায়।

আৰক্ষীয়ে লোক দুজনৰ পৰা  ৩৫টা কনটেইনাৰ জব্দ কৰিবলৈ সক্ষম হয়।

আটকাধীন  লোক দুজনক পিছত জেল হাজোতলৈ প্ৰেৰণ কৰা বুলি  আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে ।