NORTHEAST NOW (Assamese)
অসম

অনলাইন যোগে শিৱসাগৰৰ তিনিটা প্ৰাক্ কাৰিকৰী আৰক্ষী নিৱেশৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ November 29, 2020 8:20 pm
20201129_175025

আজি অনলাইন যোগে শিৱসাগৰৰ তিনিটা প্ৰাক্ কাৰিকৰী আৰক্ষী নিৱেশৰ আধাৰশিলা কৰে মুখ্যমন্ত্ৰীয়ে।

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত পি ই বি প্ৰযুক্তিৰে নিৰ্মাণ কৰিবলৈ লোৱা ১০০ টা  প্ৰাক্ কাৰিকৰী ভৱনৰ আজি আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

মুখ্যমন্ত্ৰীয়ে অনলাইন যোগে আধাৰশিলা স্থাপন কৰা ১০০ টা প্ৰাক্ কাৰিকৰী ভৱনৰ তিনিটা ভৱন শিৱসাগৰ জিলাৰ।

শিৱসাগৰ জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত অনুষ্ঠিত হয় অনলাইন যোগে এই আধাৰশিলা অনুষ্ঠান।

শিৱসাগৰ, নাজিৰা আৰু ডিমৌত নিৰ্মাণ কৰিবলৈ লোৱা হৈছে এই প্ৰাক্ কাৰিকৰী ভৱন।

এই ভৱনৰ জৰিয়তে আৰক্ষীসকল উপকৃত হ’ব বুলি মন্তব্য কৰে শিৱসাগৰ জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই।

চৰকাৰৰ এই পদক্ষেপক আদৰণি জনোৱাৰ লগতে অমিতাভ সিনহাই কয়, আৰক্ষী বিষয়াসকল ভালকৈ থাকিব পাৰিলেহে তেওঁলোকে জনসাধাৰণক ভাল সেৱা আগবঢ়াবলৈ সক্ষম হ’ব।