NORTHEAST NOW (Assamese)
অসম

‘ৰাইজৰ প্ৰতি আহ্বান মোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব, চোকা সমালোচনা কৰিব’; লুৰীণজ্যোতি

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া November 30, 2020 7:31 pm
lurin

‘ৰাইজৰ প্ৰতি আহ্বান মোৰ ওপৰত সতৰ্ক দৃষ্টি ৰাখিব, চোকা সমালোচনা কৰিব, সকলোৱে চাৰিওফালৰ পৰা নিৰীক্ষণ ৰাখিব।‘ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আছুৰ নতুন কমিটিৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি সদ্য পদত্যাগী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত এইদৰে কয়।

তদুপৰি, তেওঁৰ যাত্ৰাত বিচলিত হ’লে আছুক কঠোৰ সমালোচনা কৰিবলৈ পুনৰবাৰ আহ্বান জনাই লুৰীণে আৰু কয় ‘বিশ্বাসঘাটকতা কৰিলে মোক চোকা সমালোচনা কৰাৰ অধিকাৰ মোৰ মাতৃ সংগঠনটোক দিছো।‘

‘আজিৰ পৰা মই ছাত্ৰ সন্থাত নাই। মোৰ ওপৰত যদি কিবা এক আশা দেখা পাইছে তাৰ কৃতিত্ব সদৌ অসম ছাত্ৰ সন্থাৰ। মই এগৰাকী ক্ষুদ্ৰাতি ক্ষুদ্ৰ সেৱক হিচাপে জাতীয় জীৱনত সেৱা আগবঢ়াবলৈ পালে নিজকে ধন্য মানিম।‘ ৰাজনৈতিক জীৱনত প্ৰৱেশৰ এক ইংগিত দি লুৰীণে এইদৰে কয়।

ইয়াৰোপৰি তেওঁ কয় ‘আছুৰ পোছাকহে খুলিছো। আছুৰ আদৰ্শ, জাতীয় দৰ্শন, চিন্তাক মোক পৰৱৰ্তী দিনতো বিচাৰি পাব। ছাত্ৰ সন্থাত আনুষ্ঠানিকভাৱে মই নাই। নতুন চিন্তাৰে অগ্ৰসৰ হোৱাৰ পৰিকল্পনা আছে।‘

‘এটা নতুন কন্টকময়, পংকিল পথেৰে আগবঢ়াৰ এটা লক্ষ্য আছে। আগতে বাট যিটো আছিল পৰৱৰ্তী দিনটো মোৰ বাট এটাই।‘ লুৰীণে লগতে কয়।

ইপিনে, সমাজ, জাতি আৰু দেশৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰি যোৱাটোৱেই তেওঁৰ অন্তৰৰ বেদবাণী বুলি উল্লেখ কৰি লুৰিণে লগতে কয় ‘গতিকে অসমৰ স্বাভিমানৰ বাবে আপোচবিহীন, জাতীয় যোদ্ধা হিচাপে জীয়াই থাকিবলৈ লক্ষ্য আছে। মোৰ আকাংক্ষা আছে। মোৰ ওপৰত অসমৰ ৰাইজে ৰখা আশাক ন্যায় দিবৰ বাবে সৰ্বোচ্চ উজাৰি কাম কৰিম।‘