NORTHEAST NOW (Assamese)
অসম

সাধাৰণ জনতাক পুনৰ মাধমাৰ শোধাই বৃদ্ধি কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 12:18 pm
Illegal godown of cooking gas uprooted in Golaghat

অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰাৰ সময়তে দেশৰ সাধাৰণ জনতাক পুনৰ এবাৰ মাধমাৰ শোধাই চৰকাৰী তেল কোম্পানি সমূহে বৃদ্ধি কৰিলে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য।

জানিব পৰা মতে প্ৰতিটো চিলিণ্ডাৰৰ মূল্য ৫০ টকাকৈ বৃদ্ধি কৰিছে। এই নতুন মূল্য আজিৰ পৰা কাৰ্যকৰী হ’ব।

এই সংযোজনৰ পিছত ৰাজধানী নতুন দিল্লীত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’লগৈ ৬৪৪ টকা। আনহাতে অসমত প্ৰতিটো ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য হ’বগৈ ৬৪৩ টকা।

উল্লেখ্য যে, অইল মাৰ্কেটিং কোম্পানি সমূহে ১ ডিচেম্বৰত বাণিজ্যিক গেছৰ চিলিণ্ডাৰৰো মূল্য বৃদ্ধি কৰিছিল। ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰৰ মূল্য ৫৫ টকা বৃদ্ধি কৰিছিল।

১৪ কিলোগ্ৰামৰ ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্য শেষবাৰৰ বাবে বৃদ্ধি পাইছিল জুলাই মাহত। সেইবাৰ বৃদ্ধি কৰিছিল মাত্ৰ ৪ টকা।

উল্লেখ্য যে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ মূল্যবোৰ আন্তৰ্জাতিক মানদণ্ডৰ হাৰ আৰু বিদেশী মুদ্ৰাৰ বিনিময় হাৰৰ হিচাপত নিৰ্ধাৰণ কৰা হয়। সেইবাবে প্ৰতি মাহে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৰাজসাহায্যৰ পৰিমানো সলনি হৈ থাকে।

যেতিয়া আন্তৰ্জাতিক বজাৰত দাম বৃদ্ধি হয়, চৰকাৰে অধিক ৰাজহ প্ৰদান কৰে আৰু যেতিয়া হাৰ হ্ৰাস হয়, ৰাজহ হ্ৰাস কৰা হয়।