NORTHEAST NOW (Assamese)
অসম

ফাইজাৰৰ কোভিড ভেকচিনে লাভ কৰিলে অনুমোদন; অহা সপ্তাহৰ পৰা ব্যৱহাৰ হ’ব ব্ৰিটেইনত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 2:21 pm
pfizer-coronavirus_vaccine

ফাইজাৰ কোভিড ভেকচিনে ব্ৰিটেইনত আনুষ্ঠানিক অনুমোদন লাভ কৰিছে। অহা সপ্তাহৰ পৰাই দেশখনৰ নাগৰিকসকলে এই ভেকচিন ব্যৱহাৰ কৰিব পাৰিব।

ফাইজাৰ বায়’টেকৰ ভেকচিনে এতিয়ালৈকে য়ুৰোপীয় য়ুনিয়ন তথা আমেৰিকাৰ পৰা অনুমোদন লাভ কৰা নাই।

ব্ৰিটেইন চৰকাৰে নিয়ন্ত্ৰক সংস্থাৰ পৰামৰ্শ মানি লোৱা বুলি জানিবলৈ দিয়ে। অহা সপ্তাহৰ পৰাই ভেকচিন দিয়াৰ আঁচনি আৰম্ভ হ’ব।

কেইদিনমান পূৰ্বে ফাইজাৰৰ তৃতীয় পৰ্যায়ৰ ট্ৰায়েলৰ ফলাফল পোৱা হয়। ইয়াত ভেকচিনৰ ৯৪শতাংশ কাৰ্যকাৰিতা দেখা যায়।

বিশ্বৰ অধীৰ অপেক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ফাইজাৰৰ পৰা আমেৰিকাকে ধৰি বিশ্বৰ বহু দেশক ইয়াৰ জৰুৰীকালীন ব্যৱহাৰৰ বাবে আবেদন জনাইছিল।

ইয়াৰ মাজতে ব্ৰিটেইনে প্ৰথমে ইয়াক চৰকাৰীভাৱে অনুমোদন দিলে।

আনহাতে, ভাৰততো ফাইজাৰৰ ভেকচিন অনা সম্পৰ্কত প্ৰাথমিক আলোচনা হোৱাৰ কথা জানিব পৰা গৈছে। কিন্তু এই ভেকচিনটো ষ্টোৰ কৰিব পৰাকৈ তেনেকুৱা আন্ত:গাঁথনি ভাৰতত নাই বুলি কোৱা হৈছে।

এই ভেকচিনটো ষ্টোৰ কৰিবলৈ  শীতল তাপমাত্ৰা সত্তৰ ডিগ্ৰীৰ তলত থাকিব লাগে।

বিশেষজ্ঞসকলে ভাৰতে এতিয়া কোভাক্সিন আৰু কোভিশ্বিল্ডৰ ওপৰতেই নিৰ্ভৰ কৰাৰ কথা সদৰী কৰিছে।