NORTHEAST NOW (Assamese)
অসম

অসমত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৩ গৰাকীলৈ বৃদ্ধি; বুধবাৰে পুনৰ দুগৰাকী লোকৰ মৃত্যু

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 2, 2020 8:51 pm

অসমত বুধবাৰৰ দিনটোত নতুনকৈ দুগৰাকী লোকৰ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হয়।

ইয়াৰ ফলত ৰাজ্যত বৰ্তমানলৈ কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তিৰ সংখ্যা ৯৮৩ গৰাকীলৈ বৃদ্ধি পায়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াযোগে এই কথা প্ৰকাশ কৰে।

আজি কোভিডৰ সংক্ৰমণৰ ফলত মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে-যোৰহাটৰ টুনা ৰাৱাট(৩২) আৰু গোৱালপাৰাৰ ত্ৰৈলক্য ৰয়(৫০)।

স্বাস্থ্য মন্ত্ৰী শৰ্মাই মৃত্যু হোৱা ব্যক্তি দুগৰাকীৰ পৰিয়ালৰ লোকসকললৈ সমবেদনা জ্ঞাপন কৰি শোক ব্যক্ত কৰে।

‘‘কোভিড আক্ৰান্ত যোৰহাটৰ টুনা ৰাৱাট(৩২) আৰু গোৱালপাৰাৰ ত্ৰৈলক্য ৰয়(৫০)ৰ মৃত্যুৰ বাতৰিয়ে গভীৰ দুখ দিচে। সমবেদনা আৰু প্ৰাৰ্থনা! ওম শান্তি,’’ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এইদৰে লিখে।

অসমত এতিয়ালৈ দুই লাখ বাৰ হাজাৰতকৈয়ো অধিক লোক ক’ৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে আৰু চিকিৎসাৰ অন্তত দুই লাখ আঠ হাজাৰতকৈয়ো অধিক লোক সুস্থ হৈ উঠিছে।

ৰাজ্যত ক’ৰ’নাৰ পৰা আৰোগ্যৰ হাৰ প্ৰায় ৯৮ শতাংশলৈ বৃদ্ধি পাইছে।